আছুক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা গেৰুৱা দল বিজেপিৰ : ডিব্ৰুগড় আছু

author img

By

Published : May 25, 2022, 12:25 PM IST

aasu-press-meet-held-in-dibrugarh

ডিব্ৰুগড়ত আছুৰ সংবাদমেল(AASU Press meet held in Dibrugarh) অনুষ্ঠিত ৷ সংবাদমেলখন সম্বোধন কৰি গেৰুৱা দল বিজেপি আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰে আছু নেতৃবৰ্গই (Allegations against BJP and Assam government) ৷ অভিযোগ অনুসৰি, সদৌ অসম ছাত্ৰ সন্থাক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে উঠি-পৰি লাগিছে শাসকীয় দল বিজেপি ৷

মৰাণ, 25 মে’ : এক বিস্ফোৰক অভিযোগেৰে মঙলবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰে ডিব্ৰুগড় জিলা আছুৰ নেতৃবৰ্গই ৷ ডিব্ৰুগড়ৰ শ্বহীদ ন্যাসত অনুষ্ঠিত হোৱা সংবাদমেলখন সম্বোধন(AASU Press meet held in Dibrugarh) কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অনিল গগৈ, সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত আৰু সাধাৰণ সম্পাদক অৱনী গগৈয়ে ৷ সংবাদমেলখন সম্বোধন কৰি গেৰুৱা দল বিজেপি আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰে আছু নেতৃবৰ্গই (Allegations against BJP and Assam government) ৷

তেওঁলোকে অভিযোগ উত্থাপন কৰা অনুসৰি, সদৌ অসম ছাত্ৰ সন্থাক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে উঠি-পৰি লাগিছে শাসকীয় দল বিজেপি ৷ ছাত্ৰ সংগঠনটোৰ একাংশ প্ৰাক্তন কৰ্মীয়ে সুকীয়াকৈ "আছুৰ প্ৰাক্তন সতীৰ্থ সন্থা"(Preparations to form ex AASU association) নামেৰে আন এক সংগঠন গঠনৰ যো-জা চলাইছে ৷ যাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা প্ৰয়োজনীয় কোনো ধৰণৰ অনুমতি লোৱা হোৱা নাই ৷ জিলা সমিতি গঠনৰ বাবে প্ৰস্তুতি অব্যাহত ৰখা "আছুৰ প্ৰাক্তন সতীৰ্থ সন্থা" ই ডিব্ৰুগড়ৰ টেঙাখাটত আত্মপ্ৰকাশ কৰিব 30 মে’ত ৷

ডিব্ৰুগড়ত আছুৰ সংবাদমেল

এই সংগঠনটোৰ উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Dr Himanta Biswa Sarma), কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(union Minister Sarbananda Sonowal) কে ধৰি বিজেপি, অগপ, কংগ্ৰেছৰ উপৰিও অন্যান্য ৰাজনৈতিক দলসমূহত থকা প্ৰাক্তন আছুৰ সদস্যসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

সেয়ে সংগঠনটোৰ এনে মইমতালি সহ্য কৰা নহ’ব বুলিও হুংকাৰ প্ৰদান কৰিছে ডিব্ৰুগড় জিলা আছুৰ কৰ্মকৰ্তাসকলে ৷ আছুৰ নেতা-কৰ্মীৰ বিৰুদ্ধে গোচৰ পৰ্যন্ত দিবলৈ কুন্ঠাবোধ নকৰা প্ৰাক্তন আছু নামধাৰীসকলে গঠন কৰিব খোজা এই সংগঠনক আছুৱে কোনো কাৰণতে মানি নলয় বুলিও সংবাদমেলত সদৰি কৰিছে জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ৷

তদুপৰি কেনেবাকৈ এই সংগঠন গঠন হ’লে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰো একপ্ৰকাৰ ধমকি প্ৰদান কৰে ডিব্ৰুগড় জিলা আছুৰ নেতৃবৰ্গই ৷ "আছুৰ প্ৰাক্তন সতীৰ্থ সন্থা" গঠন কৰি শাসকীয় দল বিজেপিয়ে ছাত্ৰ সংগঠনটোক নিঃশেষ কৰিব খোজা বুলিও অভিযোগ কৰে আছুৰ কৰ্মকৰ্তাসকলে ৷

লগতে চাওক: Small tea growers in trouble: জলবায়ু পৰিৱৰ্তন আৰু মূল্যবৃদ্ধিয়ে চিন্তাত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.