ETV Bharat / state

ডিব্ৰুগড়ৰ লাহোৱালত এজেপিৰ যোগদান কাৰ্যসূচী

author img

By

Published : Feb 2, 2021, 10:16 PM IST

ajp-joining-program
ডিব্ৰুগড়ৰ লাহোৱালত এজেপিৰ যোগদান কাৰ্যসূচী

অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়েও ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷

মৰাণ, 2 ফেব্ৰুৱাৰী : অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ এফালে শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে বিৰোধী ৰাজনৈতিক দল সমূহেও বিভিন্ন নিৰ্বাচনী ৰণকৌশল অৱলম্বন কৰি শাসকীয় দলক শ’লঠেকত পেলোৱাৰো প্ৰয়াস কৰিছে ৷

অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়েও ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷

ajp-joining-program
ডিব্ৰুগড়ৰ লাহোৱালত এজেপিৰ যোগদান কাৰ্যসূচী

মঙলবাৰে লাহোৱাল বিধানসভা সমষ্টিত অনুষ্ঠিত হয় এজেপিৰ যোগদান কাৰ্যসূচী ৷ ২০২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত হোৱা দলীয় সভাতে অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী । এই অনুষ্ঠানত জাতীয় পৰিষদৰ নাৰী শক্তিৰ ৰাজ্যিক আহ্বায়িকা ৰুনুমী বৰাৰ লগতে বহু দলীয় কৰ্মী উপস্থিত থাকে ৷ অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে চি টি মহাবিদ্যালয়ৰ প্ৰবক্তা তুলিকা দুৱৰা আৰু স্বপন দুৱৰাই । এই অনুষ্ঠানতেই লাহোৱাল সমষ্টিৰ জকাই পঞ্চায়তৰ এখনি আহ্বায়ক কমিটিও গঠন কৰা হয় ।
লগতে পঢ়ক: মিজোৰামত লক্ষাধিক ভাৰতীয় টকা উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.