ETV Bharat / state

মৰাণত অগপ,কংগ্ৰেছ নেতাৰ ৰাইজৰ দলত যোগদান

author img

By

Published : Jan 27, 2021, 8:49 PM IST

বুধবাৰে মৰাণ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা ৰাইজৰ দল যোগদান কাৰ্যসূচীত অগপ আৰু কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই যোগদান কৰে দলটোত ৷ লগতে চাহ জনগোষ্ঠীৰ পুৰুষ-মহিলাসহ প্ৰায় দুই শতাধিক লোকে যোগদান কৰে দলটোত ৷

raijor dol joining
ৰাইজৰ দলত যোগদান

মৰাণ,27 জানুৱাৰী : ডিব্ৰুগড়ৰ মৰাণ সমষ্টিত অসম গণ পৰিষদ আৰু কংগ্ৰেছ দলৰ অস্তিত্ব সংকটত পৰা পৰিলক্ষিত হৈছে ৷ অগপ দলৰ প্ৰতিষ্ঠাকালৰ বহু জ্যেষ্ঠ নেতাই দল ত্যাগ কৰি যোগদান কৰে ৰাইজৰ দলত ৷ কংগ্ৰেছ দলৰো বহু নেতা-কৰ্মীয়ে যোগদান কৰিছে ৰাইজৰ দলত ৷

ৰাইজৰ দলত যোগদান

সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক দলসমূহৰ লেখীয়াকৈ নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দলেও নিৰ্বাচনী প্ৰচাৰক লৈ উঠি-পৰি লাগিছে ৷ বুধবাৰে মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাং চাৰিআলি টাই একাডেমী প্ৰেক্ষাগৃত অনুষ্ঠিত হোৱা ৰাইজৰ দল যোগদান কাৰ্যসূচী সভাত অসম গণ পৰিষদ আৰু কংগ্ৰেছ দলৰ কেইবাগৰাকীও নেতাই দলটোত যোগদান কৰে ৷

ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি দীপক শইকীয়াই আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক লোহিত গগৈ, তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰচাৰ সম্পাদক মোহন সোণোৱালসহ বহু গণ্য-মান্য ব্যক্তি । দলটোত যোগদানকাৰীসকলৰ ভিতৰত আছে- ডিব্ৰুগড় জিলা পৰিষদ সমিতিৰ সাধাৰণ সম্পাদক তথা তথা অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ কৰ্মী গৌৰী শংকৰ দাস আৰু কেইবাগৰাকীও নেতা-কৰ্মী ৷ লগতে চাহ জনগোষ্ঠীৰ পুৰুষ-মহিলাসহ প্ৰায় দুই শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে ।

লগতে পঢ়ক : কাৰাগাৰত বন্দী হৈ থকা এনডিএফবি সদস‍্যৰ পৰিয়ালৰ ধৰ্ণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.