ETV Bharat / state

ট্ৰাকৰ পৰা ধন দাবী কৰিবলৈ গৈ মৰাণত গ্ৰেপ্তাৰ 4 আটাছু নেতা

author img

By

Published : Jan 21, 2021, 9:04 PM IST

aatasu-leader-arrested-at-moran
ট্ৰাকৰ পৰা ধন দাবী কৰিবলৈ গৈ মৰাণত গ্ৰেপ্তাৰ 4 আটাছু নেতা

মৰাণত কাঠ ভৰ্তি ট্ৰাকৰ চালক-হেণ্ডিমেনক দুৰ্ব্য়ৱহাৰ আৰু ধনদাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে টাই আহোম ছাত্ৰ সন্থাৰ 4 নেতা। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ ৫/২০২১নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৩৪১/৩২৫/৩৮৫/৩৪ ধাৰাত গ্ৰেপ্তাৰ কৰা হয় নেতা কেইজনক ৷

মৰাণ, 21 জানুৱাৰী : মৰাণত নিজকে জাতীয় সংগঠনৰ নেতা বুলি পৰিচয় দিয়া একাংশ নেতাই এতিয়া ধনদাবীৰ দৰে অসৎ কামত নামি পৰাৰ অভিযোগ উত্থাপন হৈছে । মৰাণত কাঠ ভৰ্তি ট্ৰাকৰ চালক-হেণ্ডিমেনক দুৰ্ব্য়ৱহাৰ আৰু ধনদাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে টাই আহোম ছাত্ৰ সন্থাৰ চাৰিজনকৈ নেতা ।

চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ ৫/২০২১নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৩৪১/৩২৫/৩৮৫/৩৪ ধাৰাত টাই আহোম ছাত্ৰ সন্থাৰ চাৰিজন নেতা ক্ৰমে দেৱজিৎ গগৈ, নিৰুত্তম ফুকন, প্ৰতীম বৰা আৰু উত্তম বৰুৱা ওৰফে মেধীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত নেতা কেইজনক জামিনত মুক্তি দিয়াৰ লগতে নেতা কেইজনে ব্যৱহাৰ কৰা AS-০৬-AA-৪৫০৬ নম্বৰৰ চুইফ ডিজায়াৰ, AS-০৪-E-৫৭৮৪ নম্বৰৰ ৱেগানাৰ আৰু AS-০৪-Y-৪৪৮৩ নম্বৰৰ স্কুটীখনো এৰি দিয়ে আৰক্ষীয়ে ।

ট্ৰাকৰ পৰা ধন দাবী কৰিবলৈ গৈ মৰাণত গ্ৰেপ্তাৰ 4 আটাছু নেতা

উল্লেখ্য যে, যোৱা ১২ জানুৱাৰী নিশা প্ৰায় ৯ বজাত মৰাণৰ ঝলমৰ ডেকা হোটেলৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উল্লেখিত বাহন কেইখনত থকা প্ৰায় ৮/১০ জনীয়া দুৰ্বৃত্তৰ দলে তিনিচুকীয়া জিলাৰ ডিগবৈৰ পৰা আহি থকা AS ০১ HC ৯৯৪৭ নম্বৰৰ কাঠভৰ্তি ট্ৰাকখন আগভেটি ধৰি ট্ৰাকৰ চালক হেণ্ডিমেনক দুৰ্ব্যৱহাৰ কৰি ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই সন্দৰ্ভত ট্ৰাকৰ চালক দুলু মৰাণে মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত চেপন আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল । এই দুৰ্বৃত্তৰ দলটোৱে দাবী কৰা ধন নাপাই মৰাণস্থিত খোৱাং আঞ্চলিক বন বিভাগক খবৰ দিয়ে। বনবিভাগে নথি পত্ৰ পৰীক্ষা কৰি ট্ৰাকখন এৰি দিয়ে । সেই এজাহাৰৰ ভিত্তিতে আটাছুৰ চাৰিজন নেতাক গ্ৰেপ্তাৰ কৰে যদিও থানাৰ পৰাই জামিনত মুক্তি দিয়া হয় আটাইকে ।

আনহাতে স্কুটীখনত অহা যুৱকজনৰ লগতে আনকেইজনক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । গুৰুত্বপূৰ্ণ বিষয় যে, উক্ত নেতা কেইজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও ডকাইতি আৰু ধন দাবী কৰাৰ বহু অভিযোগ আছে । চৰাইদেউ জিলা মৰাণহাট থানাৰ আৰক্ষীয়ে ডকাইতিৰ দৰে কাৰ্যত জড়িত এই চাৰিজন দুৰ্বৃত্তক আটক কৰি পুনৰ জামিন দিয়াক লৈ মৰাণৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।


লগতে পঢ়ক: তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.