ETV Bharat / state

কা বিৰোধিতাৰে টিংখাঙত আছুৰ প্ৰতিবাদ

author img

By

Published : Dec 26, 2020, 9:50 AM IST

ৰাজ্যত পুনৰ গা কৰি উঠিছে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বিৰোধী প্ৰতিবাদ ৷ শুকুৰবাৰে নিশা ডিব্ৰুগড় জিলাৰ টিংখাঙত কা বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে ৷

AASU PROTEST IN TINGKHONG
টিংখাঙত কা বিৰোধী প্ৰতিবাদ আছুৰ

টিংখাং,26ডিচেম্বৰঃ ৰাজ্যত পুনৰ গা কৰি উঠিছে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বিৰোধী প্ৰতিবাদ ৷ শুকুৰবাৰে নিশা ডিব্ৰুগড় জিলাৰ টিংখাঙত কা বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে ৷ আছুৰ ৰাজগড় আঞ্চলিক সমিতিৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কেইবাটাও দল-সংগঠনে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

প্ৰতিবাদকাৰীসকলে কা আমি নামানো,বিজেপি চৰকাৰ হুচিয়াৰ,সৰ্বানন্দ সোণোৱাল হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷তদুপৰি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰক জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে বাতিলৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়কঃশিলচৰত সম্পন্ন অসম বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক অভিৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.