ETV Bharat / state

Closure of Namrup BVFCL:আছুৱে বিচাৰিছে আধ্যাত্মিকতাই চৰকাৰক সুমতি প্ৰদান কৰক

author img

By

Published : Aug 10, 2023, 6:07 PM IST

নাম কীৰ্ত্তন গায়ন বায়নেৰে নামৰূপ সাৰ কাৰখানা বন্ধৰ বিৰোধিতাৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৱে ৷

AASU hold protest
সাৰ কাৰখানা বন্ধৰ বিৰোধিতা

সাৰ কাৰখানা বন্ধৰ বিৰোধিতা

ডিব্ৰুগড়, 10 আগষ্ট : উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা বন্ধৰ বিৰোধিতাৰে ধাৰাবাহিকভাৱে বিভিন্ন দল-সংগঠন আৰু বিৰোধী ৰাজনৈতিক দলসমূহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । বৃহস্পতিবাৰে নামৰূপ সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ।

কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ সুমতি কামনা কৰি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই নামৰূপ আছুৰ সহযোগত ৰূপায়ণ কৰে এক মাংগলিক অনু্ষ্ঠান । ভকত বৈষ্ণৱৰ নাম প্ৰসংগ গায়ন বায়নেৰে মুখৰিত হৈ পৰে সাৰ কাৰখানাৰ চৌহদ । উল্লেখ্য যে, ২০০৬ চনত তৎকালীন সাৰ মন্ত্ৰী ৰামবিলাস পাছোৱানে নামৰূপত উপস্থিত হৈ সাৰ কাৰখানাটোত চতুৰ্থ গোটটো নিৰ্মাণৰ কথা ঘোষণা কৰিছিল যদিও সেয়া অসাৰ প্ৰতিপন্ন হ’ল । যাৰ বাবে প্ৰথম আৰু দ্বিতীয় গোটটো বন্ধ হোৱাত তৃতীয় গোটটোৱে সাৰ উৎপাদন কৰি কৃষক ৰাইজক কিছু সকাহ দিবলৈ সক্ষম হৈছিল । ইয়াৰ মাজতে ইতিমধ্যে আয়ুস কাল উকলি যোৱা তৃতীয় গোটটোৰ মেৰামতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১০০ কোটি টকা প্ৰদান কৰিছিল যদিও সেইয়া পৰ্য্যাপ্ত নহয় । এনে প্ৰেক্ষাপটত চতুৰ্থগোটটো নিৰ্মাণ নকৰিলে সাৰ কাৰখানাটো বন্ধ হোৱাৰ দিশে যে গতি কৰিব সেইয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷

শেহতীয়াকৈ কেন্দ্ৰীয় নীতি আয়োগে সাৰ কাৰখানাটো বন্ধ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ পিচতে দল-সংগঠন আৰু বিৰোধী ৰাজনৈতিক দলসমূহে ধাৰাবাহিকভাৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰীয় সাৰ মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি সাৰ কাৰখানাটো বন্ধ নহয় বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও মন্ত্ৰী গৰাকীৰ কথাত আশ্বস্ত নহৈ এইদৰে আজিও প্ৰতিবাদ কৰি আহিছে আছুকে ধৰি শ্ৰমিক ইউনিয়নৰ বিষয়ববীয়া সকলে । আছুৱে ৰূপায়ণ কৰা এই অভিনৱ মাংগলিক প্ৰতিবাদৰ পাচত চৰকাৰে নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিত কৰাৰ বাবে কিদৰে ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : AJYCP Protest in Delhi : যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণাত উত্তাল দিল্লীৰ যন্তৰ মন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.