ETV Bharat / state

স্বাধীনতাৰ অমৃত মহোৎসৱত ডিব্ৰুগড়ৰ ৰাজপথত দৃশ্যমান হ’ল জাতিৰ পিতা

author img

By

Published : Aug 14, 2022, 1:13 PM IST

mahatma gandhi on the streets of jakai in dibrugarh
স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিবলৈ ডিব্ৰুগড়ত উপস্থিত জাতিৰ পিতা

দেশত ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ আনন্দ উল্লাস (75th Years of Independence) । স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi ka Amrit Mahotsav) পালন কৰিছে দেশবাসীয়ে । এনে আনন্দময় পৰিৱেশত খদ্দৰৰ পোচাক পৰিধান কৰি হাতত গীতা লৈ ডিব্ৰুগড়ৰ জকাইত বিদ্যালয়ে বিদ্যালয়ে ঘূৰিছে জাতিৰ পিতা মহাত্মা গান্ধী ।

মৰাণ,১৪ আগষ্ট: দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ সম্পূৰ্ণ হ'ল (75th Years of Independence) । ৭৫ বছৰীয়া স্বাধীনতা দিৱস উদযাপন কৰিবলৈ দেশজুৰি ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যসূচীৰে ৭৬ তম স্বাধীনতাৰ দিৱস উদযাপনৰ বাবে বাবে সাজু হৈছে । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ জকাইৰ ৰাজপথত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য ।

আঠু মুৰত চুৰীয়া, হাতত গীতা লৈ জকাইৰ ৰাজপথত ঘূৰি ফুৰিছে মহাত্মা গান্ধী । মাহাত্মা গান্ধীক চাবলৈ ছাত্ৰ- ছাত্ৰীয়ে হেতা ওপৰা কৰা পৰিলক্ষিত হয় । এই দৃশ্য ডিব্ৰুগড় জিলাৰ জকাইৰ ৰাজপথত । মাহাত্ম গান্ধীৰ জীৱন,আদৰ্শ নতুন প্ৰজন্মক অনুধাৱন কৰোৱাৰ উদ্দেশ্যে জকাইৰ ভবেশ কোঁৱৰ নামৰ ব্যক্তিজনে এইদৰে মহাত্মা গান্ধীৰ দৰে নিজকে সজাই জকাইৰ ৰাজপথত ঘুৰি ফুৰাৰ লগতে জকাইৰ কেইবাখনো বিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰী সকলৰ সকলৰ সৈতে মত বিনিময় কৰে (A man as Mahatma Gandhi at the school in Dibrugarh) ।

স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিবলৈ ডিব্ৰুগড়ত উপস্থিত জাতিৰ পিতা

মুক্তি যুঁজাৰু জাতিৰ পিতাৰ দৰেই জকাইৰ এইজন ভবেশ কোঁৱৰে এখন হাতত লাখুঁটি,আনখনত গীতা,ভৰিত খৰম আৰু আঠু মূৰলৈকে চুৰীয়া পিন্ধি মহাত্মা গান্ধীৰ জীৱন আৰু কৰ্মৰাজী ছাত্ৰ-ছাত্ৰী সকলৰ সকলক আগত দাঙি ধৰা চেষ্টা কৰে । গান্ধীৰ মহৎ বাণীসমূহ মুখত আওঁৰাই বিদ্যালয় সমূহলৈ গৈ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ৰাজপথত সমদল কৰে ভবেশ কোঁৱৰে । ব্যক্তি জনৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে সকলোৱে ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দেউলীয়া আখ্যা বিধায়ক অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.