ETV Bharat / state

DU Ragging Incident: পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 3 ছাত্ৰক বহিস্কাৰ

author img

By

Published : Dec 8, 2022, 10:31 PM IST

পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিঙেৰে জড়িত 3ছাত্ৰক বহিস্কাৰ
DU Ragging Incident

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জঘন্য ৰেগিঙকাণ্ডৰে জড়িত তিনিজন ছাত্ৰক বহিস্কাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ(Dibrugarh University) ৷ ঘটনাৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তিনিজন ছাত্ৰক বিশ্ববিদ্যালয়ৰ পৰা তিনিবছৰৰ বাবে বহিষ্কাৰ কৰাৰ পাছতেই আজি পুনৰ তিনিজন ছাত্ৰক বহিষ্কাৰ কৰিলে(Student expelled from DU) । ইফালে, আজি পুনৰ আৰক্ষীয়ে আটক কৰিছে ঘটনাৰে জড়িত আন এজন ছাত্ৰক ৷

ডিব্ৰুগড়, 8 ডিচেম্বৰ: ৰাজ্য কঁপোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙকাণ্ডৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই(Dibrugarh University Ragging) ৷ ঘটনাৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে আত্মসমৰ্পণ কৰাৰ পিছতেই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত(Rahul Chetry DU) ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই ক্ষীপ্ৰতাৰে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে(CM Himanta Biswa Sarma) ৷ সমান্তৰাল ভাৱে বিশ্ববিদ্যালয় কৰ্তৃপক্ষয়ো গ্ৰহণ কৰিছে কঠোৰস্থিতি ৷

DU Ragging Incident
পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিঙেৰে জড়িত 3ছাত্ৰক বহিস্কাৰ

পুনৰ এই জঘন্য ৰেগিঙকাণ্ডৰে জড়িত তিনিজন ছাত্ৰক বহিস্কাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ(Dibrugarh University) ৷ ঘটনাৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তিনিজন ছাত্ৰক বিশ্ববিদ্যালয়ৰ পৰা তিনিবছৰৰ বাবে বহিষ্কাৰ কৰাৰ পাছতেই আজি পুনৰ তিনিজন ছাত্ৰক বহিষ্কাৰ কৰিলে(Student expelled from DU) । ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সদৰী কৰিছে এই তথ্য ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ ছাত্ৰ কমল কৃষ্ণ কাকতিক বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা লগতে দেশৰ কোনো বিশ্ববিদ্যালয়ত তিনি বছৰৰ বাবে অধ্যয়ন কৰিব নোৱাৰাকৈ জাননী জাৰি কৰিছে। আনহাতে Bachelor of Computer Applicationৰ ছাত্ৰ চিত্ৰবন বৰুৱা আৰু B.edৰ ছাত্ৰ পৱন গগৈক এটা বৰ্ষৰ বাবে বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণৰ কৰাৰ পৰা বহিষ্কাৰ কৰিছে(DU ragging incident)। আনহাতে বৰ্তমানও সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

ইফালে, ডিব্ৰুগড় ৰেগিংকাণ্ডৰ (Dibrugarh Ragging case) লগত জড়িত আন এজন ছাত্ৰক আটক কৰিছে আৰক্ষীয়ে ৷ কমলেশ্বৰ চুতীয়া নামৰ ছাত্ৰজনক আটক ডিব্ৰুগড় আৰক্ষীৰ ৷ (Kamleshwar Chutia arrested by Dibrugarh Police) ৷ বৃহস্পতিবাৰে বিয়লি আৰক্ষীয়ে আটক কৰে গণিত বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ কমলেশ্বৰ চুতীয়াক ৷ ৰেগিংকাণ্ডৰ পাছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তিনিবছৰ কাৰণে বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিছিল কমলেশ্বৰ চুতীয়াক ৷

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.