ETV Bharat / state

Banking fraud at Moran: ভুৱা নথি আৰু পৰিচয় পত্ৰৰে মৰাণৰ এক্সিছ বেংকৰ পৰা 23 লাখ টকা সৰলুকি

author img

By

Published : Mar 8, 2023, 9:59 PM IST

Banking fraud at Moran
ভুৱা নথি আৰু পৰিচয় পত্ৰৰে মৰাণৰ এক্সিছ বেংকৰ পৰা 23 লাখ টকা সৰলুকি

মৰাণৰ এক্সিছ বেংক শাখাত নথি জালিয়াতিৰ ঘটনা (Axis Bank Moran branch) ৷ ভুৱা নথি আৰু চহী ব্যৱহাৰ কৰি এগৰাকী মহিলাৰ পৰা দুষ্ট চক্ৰই লুটিলে 23 লাখ টকা ৷ ঘটনাক কেন্দ্ৰ কৰি মৰাণত তীব্ৰ চাঞ্চল্যৰ ৷

ভুৱা নথি আৰু পৰিচয় পত্ৰৰে মৰাণৰ এক্সিছ বেংকৰ পৰা 23 লাখ টকা সৰলুকি

ডিব্ৰুগড়, 8 মাৰ্চ: ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত এক্সিছ বেংক মৰাণ শাখাত(Axis Bank Moran branch) একাউণ্ট জালিয়াতিৰ ভয়ংকৰ অভিযোগ ৷ ভুৱা পৰিচয় পত্ৰৰে একাউণ্ট খুলি মাটিৰ দালালে 23 লাখ টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে এক্সিছ বেংক শাখাত (Banking fraud at Moran) ৷

ঘটনা অনুসৰি ভুক্তভোগী জৰ্জ্জিনা বেগম নামৰ মহিলাগৰাকীৰ পৰা দালাল চফি আহমেদ আৰু মকছাদ খানে মাটিৰ মালিকস্বত্ব অতি চল চাতুৰিৰে ব্যৱহাৰ কৰি এক কঠা চাৰি লোচা মাটি দুগৰাকী লোকক বিক্ৰী কৰিছিল । ইয়াৰ পাচতে এগৰাকী ক্ৰেতাই প্ৰায় 23 লাখ টকাৰ এখন চেক জৰ্জ্জিনা বেগমৰ নামত দিছিল (Money looted form bank using fake id) ।

কিন্তু লক্ষ্যনীয় কথাটো হ’ল যে দালাল চফি আহমেদ আৰু মকছাদ খানে জৰ্জ্জিনা বেগমৰ নামত ভুৱা পৰিচয় পত্ৰ, জৰ্জ্জিনা বেগমৰ ভুৱা চহী ব্যৱহাৰ কৰি এক্সিছ বেংকত একাউণ্ট খুলি সকলো টকা উলিয়াই নিয়ে । ঘটনা পোহৰলৈ অহাৰ পাচতেই এতিয়া ভুক্তভোগী পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

Banking fraud at Moran
অভিযুক্ত চফি আহমেদ আৰু মকছাদ খান

ইতিমধ্যে এই সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে । ভুক্তভোগী জৰ্জ্জিনা বেগম আৰু তেওঁৰ পৰিয়ালে জানিবলৈ দিয়া অনুসৰি তেওঁলোকে কোনো দিনেই এক্সিছ বেংক মৰাণ শাখাত একাউণ্ট খুলিবলৈ অহা নাছিল ৷ মাটি সংক্ৰান্তত অনুসন্ধান কৰাতহে সকলো কথা স্পষ্ট হৈছে । এই সমগ্ৰ ঘটনাৰ আৰক্ষীয়ে সঠিক তদন্ত কৰিলে ভয়ংকৰ জালিয়াতি পোহৰলৈ আহিব । ইফালে ঘটনাক কেন্দ্ৰ কৰি মৰাণত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ (Bank cheatings incident at Moran) ।

উল্লেখ্য যে, এই ঘটনাৰ সৈতে বেংকৰে কোনো লোক জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগী জৰ্জ্জিনা বেগম নামৰ মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷ কাৰণ বেংকৰ কোনো লোক জড়িত নাথাকিলে একে কাণ্ড যে সংঘটিত নহয় সেয়া নিশ্চিত ৷ মন কৰিব লগীয়া যে, ৰাজ্যত শেহতীয়াকৈ চাইবাৰ ক্ৰাইমৰ ঘটনাও ব্যাপক হাৰত বৃদ্ধি হৈছে (Cyber crime in Assam) ৷ বহিঃৰাজ্যৰ একাংশ অৰাধীয়ে জাল পেলাইছে অসমত ৷

লগতে পঢ়ক: One Family One beneficiary Scheme: ৰাজ্যত গভীৰ অৰ্থনৈতিক সংকট ! বলৱৎ হ'ব 'এক পৰিয়াল এক আঁচনি'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.