ETV Bharat / state

চাপৰত কাঠ ভৰ্তি ট্ৰাক জব্দ

author img

By

Published : May 8, 2021, 8:26 PM IST

CHAPAR
চাপৰত জব্দ কাঠ ভৰ্তি ট্ৰাক

পূৱ বিলাসীপাৰাৰ চাপৰত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক । মেঘালয়ৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত চাপৰ আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় চোৰাং কাঠ ভৰ্তি ট্ৰাকখন ।

পূৱ বিলাসীপাৰা, ৮ মে': ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । ধুবুৰীৰ পূৱ বিলাসীপাৰাৰ চাপৰ আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত জব্দ হয় AS ২৫EC ০৬২৫ নম্বৰৰ এখন কাঠ ভৰ্তি ট্ৰাক । ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলেয়ে জানিবলৈ দিয়া মতে মেঘালয়ৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত চাপৰ আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় চোৰাং কাঠ ভৰ্তি ট্ৰাকখন ।

চাপৰত জব্দ কাঠ ভৰ্তি ট্ৰাক

উল্লেখ্য যে, চোৰাং কাঠ ভৰ্তি ট্ৰাকখন বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখেৰে নিৰ্বিঘ্নে বেহা চলাই আহিছিল যদিও বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ কোনো এজন কৰ্মচাৰীয়ে আজিলৈকে সাৰ নাপালে । ইয়াকে লৈ চাপৰৰ জনসাধাৰণৰ মাজত সৃষ্টি হৈছে এক কৌতুহলৰ । স্বাভাৱিকতে ৰাইজৰ মনত প্ৰশ্ন হৈছে যে বহলপুৰ আঞ্চলিক বন বিষয়াৰ ছত্ৰ ছায়াতে চলি আছে নেকি অবৈধ বেহা ? ইতিমধ্যে চাপৰ আৰক্ষীয়ে ট্ৰাকখন বহলপুৰ আঞ্চলিক বন বিভাগক গতাই দিয়ে। উক্ত কাঠখিনিৰ বজাৰ মূল্য কেইবা লাখ টকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: কলিয়াবৰত একেটা দিনতে ২৫ জন কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.