ETV Bharat / state

Thief Escape from Court : ধুবুৰীত আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফ খুলি চোৰৰ পলায়ন

author img

By

Published : Feb 28, 2023, 12:26 PM IST

এইবাৰ ধুবুৰীৰ আদালতৰ পৰা পলাল শুকুৰ আলী (thief escape from Dhubri Court) । চুৰি গোচৰত গ্ৰেপ্তাৰ হোৱা শুকুৰ আলীয়ে আৰক্ষীৰ হেণ্ডকাফ খুলি মাৰিলে দৌৰ । আগে আগে চোৰ শুকুৰ আলী, পিছে পিছে আৰক্ষী ।

Dhubri
Dhubri

ধুবুৰী, ২৮ ফেব্ৰুৱাৰী : ধুবুৰীত চোৰ-পুলিচৰ খেল । চোৰ দৌৰিছে আগে আগে, পিছে পিছে দৌৰিছে আৰক্ষী । কিয়নো আদালতৰ পৰাই পলায়ন কৰে চোৰ শুকুৰ আলীয়ে (thief escape from Dhubri Court) । এই শুকুৰ আলীক ধৰিবলৈয়ে পিছে পিছে দৌৰিবলগা হয় আৰক্ষী । পাৱাৰ পাম্প চুৰি গোচৰত গ্ৰেপ্তাৰ হৈছিল শুকুৰ আলী । ফকিৰগঞ্জ থানা এলেকাত (Fakirganj police station Dhubri) চুৰিকাণ্ড সংঘটিত কৰি গ্ৰেপ্তাৰ হয় শুকুৰ আলী । অৱশ্যে এইজন শুকুৰ আলী আপোনালোকে ভাবি থকাজন নহয় । ছচিয়েল মিডিয়াত জনপ্ৰিয় তথা বিজেপি নেতা শুকুৰ আলী নহয় এইজন চোৰ । এওঁ হৈছে শুকুৰ আলী ওৰফে সাহাদত আলী ।

গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানা এলেকাৰ সুৰকাশুঙি গাঁৱৰ মহম্মদ আলীৰ পুত্ৰ শুকুৰ আলী ওৰফে সাহাদত আলী (Sukur Ali escaped from Dhubri Court) । আৰক্ষীয়ে সদৰী কৰা মতে, ফকিৰগঞ্জ আৰক্ষী থানা এলেকাৰ চিৰাকুটি বজাৰৰ আফ্ৰিন হাৰ্ডৱেৰৰ পৰা পাৱাৰ পাম্প চুৰি কৰিছিল এইজন শুকুৰ আলীয়ে । পিছত ফকিৰগঞ্জ আৰক্ষীয়ে ৪৬/২৩ নম্বৰত ৰুজু কৰা গোচৰৰ ভিত্তিত শুকুৰ আলীক গ্ৰেপ্তাৰ কৰি দেওবাৰে ধুবুৰী আদালতত হাজিৰ কৰায় । কিন্তু ধুবুৰী আদালতত বহি বহিয়েই শুকুৰ আলীয়ে মনে মনে ৰচনা কৰে পলায়নৰ কৌশল । সেইমতে শুকুৰ আলীয়ে শৌচ কৰিবলৈ যোৱাৰ ফন্দি ৰচে ।

তেওঁৰ কথা মতেই আদালতত থকা শৌচাগাৰলৈ নিয়াৰ প্ৰস্তুতি চলায় আৰক্ষীয়ে । কিন্তু শুকুৰ আলীৰ অভিসন্ধি আছিল বেলেগ । কেনেকৈ আৰক্ষীৰ চকুত ধূলি মাৰি পলায়ন কৰিব পাৰে তাৰেই ছেগ বুজি আছিল শুকুৰ আলীয়ে । আৰু সেই সুযোগো লাভ কৰে শুকুৰ আলীয়ে । সুযোগ বুজি শুকুৰ আলীয়ে নিজৰ হাতৰ হেণ্ডকাফ খুলি আদালতৰ পৰা ওলাই দৌৰ মাৰে । আৰক্ষী এই ঘটনাত হতচকিত হৈ পৰে । তাৰ পিছত আগে আগে শুকুৰ আলী, পিছে পিছে আৰক্ষীৰ দৌৰ দিয়ে । তাৰ মাজতে গৈ চোৰ শুকুৰ আলীয়ে সোমায় ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ শৌচাগাৰত । পিছে কপাল বেয়া আছিল শুকুৰ আলীৰ ।

তলাবন্ধ অৱস্থাত আছে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ শৌচাগাৰ । সেইবাবে বাহিৰতে থিয় হৈ ইফাল-সিফাল কৰিবলগা হয় । ফলত পিছে পিছে আহি থকা আৰক্ষীয়ে শুকুৰ আলীক প্ৰত্যক্ষ কৰি পুনৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয় । স্থানীয় একাংশ ৰাইজৰ সহায়ত আৰক্ষীয়ে শুকুৰ আলী ওৰফে সাহাদত আলীক পুনৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, কৰ্তব্যৰত আৰক্ষী কনিষ্টবলৰজনৰ নাম মহিবুল ইছলাম আৰু আৰক্ষীৰ লগত থকা গৃহৰক্ষী জোৱানজনৰ নাম চৰিফুল ইছলাম মোল্লাহ । ইফালে কৰায়ত্ত কৰাৰ পিছত শুকুৰ আলীক পুনৰ হেণ্ডকাফ লগাই ধুবুৰী আদালতত হাজিৰ কৰোৱা হয় । দেওবাৰৰ দিনা ধুবুৰী আদালত চৌহদত সৃষ্টি হোৱা এনে অনাকাংক্ষিত ঘটনাই সকলোকে স্তম্ভিত কৰি তোলা পৰিলক্ষিত হয় ।

লগতে পঢ়ক :Rowta Police Encounter update: আৰক্ষীয়ে গুলীয়ালে কাক, মৰিল কোন ? চাতুৰী কৰিলে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.