ETV Bharat / state

শিল্পী দিৱসৰ লগত সংগতি বিলাসীপাৰাত শিল্পীক সম্বৰ্ধনা

author img

By

Published : Jan 18, 2021, 8:54 AM IST

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক সুঁৱৰি দেওবাৰে বিলাসীপাৰত আয়োজন কৰা হয় শিল্পী দিৱস ৷ শিল্পী দিৱসৰ লগত সংগতি ৰাখি বিধায়ক অশোক কুমাৰ সিংহীৰ উদ্যোগত অনুষ্ঠানত ৫০ গৰাকী শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

SILPI DIVAS AT BILASIPARA
শিল্পী দিৱসৰ লগত সংগতি বিলাসীপাৰাত শিল্পীক সম্বৰ্ধনা

পশ্চিম বিলাসীপাৰা,18জানুৱাৰী:ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক সুঁৱৰি দেওবাৰে বিলাসীপাৰত আয়োজন কৰা হয় শিল্পী দিৱস ৷ বিলাসীপাৰাস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ প্ৰাংগনত ২৭ নং পূব বিলাসীপাৰা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীৰ উদ্যোগত আয়োজন কৰা হয় শিল্পী দিৱস ৷ ইপিনে শিল্পী দিৱসৰ লগত সংগতি ৰাখি বিধায়ক অশোক কুমাৰ সিংহীৰ উদ্যোগত আয়োজিত অনুষ্ঠানত ৫০ গৰাকী শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ শিল্পী সকলক আৰু অধিক উৎসাহিত কৰিবলৈ গ্ৰহণ কৰা এই সম্বৰ্ধনাত আছিল একোখনকৈ ফুলাম গামোচা,চেলেং চাদৰ আৰু মানপত্ৰ ৷

শিল্পী দিৱসৰ লগত সংগতি বিলাসীপাৰাত শিল্পীক সম্বৰ্ধনা

আনহাতে,বিধায়ক অশোক কুমাৰ সিংহীৰ লগতে শিল্পী দিৱসৰ কাৰ্যসূচীক অংশগ্ৰহণ কৰে ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত ছৰফৰাজ হক,পূব ধুবুৰী জিলা বিজেপিৰ নেতা দীপক সাহা,শিক্ষাবিদ হৃদয়ানন্দ দাস আৰু পৰিতোষ ঘোষ ৷ বিধায়কগৰাকীৰ এনে পদক্ষেপক উপস্থিত অতিথিসকলৰ লগতে সম্বৰ্ধনা প্ৰাপ্ত শিল্পী সকলে প্ৰশংসা কৰে ৷

লগতে পঢ়কঃ সমন্বয়ৰ পীঠস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবড়ী থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.