ETV Bharat / state

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ প্ৰচেষ্টাত স্থাপন চেনিটাইজিং ব্যৱস্থা

author img

By

Published : May 4, 2020, 8:13 PM IST

মানকাচৰ আৰক্ষী থানাত চেনিটাইজেচনৰ ব্যৱস্থা । স্থাপন কৰা হ'ল ছেনিটাইজিং মেচিন । মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দাসৰ একক প্ৰচেষ্টাত স্থাপন কৰা হয় মেচিনটো ।

মানকাচৰ
মানকাচৰ আৰক্ষী থানাত চেনিটাইজেচনৰ ব্যৱস্থা

ধুবুৰী, ৪ মে': কৰ'ণা ভাইৰাছ সংক্রমনৰ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে কৰি আহিছে অহৰহ প্ৰচেষ্টা । এই ক্ষেত্ৰত পিছ পৰি থকা নাই মানকাচৰ আৰক্ষী । বৃহত্তৰ মানকাচৰ আৰক্ষী থানাত আৰক্ষী, চি আৰ পি এফ আৰু সৰ্ব সাধাৰণ ৰাইজৰ সুবিধাৰ্থে মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দাসে নিজাববীয়াকৈ ছেনিটাইজিং মেচিন ক্ৰয় কৰি আৰক্ষী চি আৰ পি এফ আৰু সৰ্ব সাধাৰণ ৰাইজক কৰ'ণা সংক্ৰমণৰ পৰা প্ৰতিহত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে ।

মানকাচৰ
মানকাচৰ আৰক্ষী থানাত চেনিটাইজেচনৰ ব্যৱস্থা

সোমবাৰে মানকাচৰৰ বিশিষ্ট সমাজ কৰ্মী আশ্ৰাফ আলীয়ে মানকাচৰ আৰক্ষী থানা চৌহদত স্থাপন কৰা ছেনিটাইজিং মেচিনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । উদ্বোধনী অনুষ্ঠানত সংবাদ কৰ্মীৰ লগতে একাংশ সচেতন ব্যক্তি আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী বিভাগৰ বিষয়াৰ লগতে চক্ৰ বিষয়া উপস্থিত থাকে ।

মানকাচৰ
মানকাচৰ আৰক্ষী থানাত চেনিটাইজেচনৰ ব্যৱস্থা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.