ETV Bharat / state

আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ধুবুৰীবাসীৰ

author img

By

Published : Sep 6, 2020, 3:19 PM IST

River Erosion At Dhuburi
সমস্যাৰ স্থায়ী সমাধান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ধুবুৰীবাসীৰ

ধুবুৰীত গৰাখহনীয়াৰ কবলত বিস্তৰ অঞ্চল ৷ বছৰ বছৰ ধৰি ভুক্তভোগী ৰাইজে জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক সমস্যা সমাধানৰ বাবে অবগত কৰাৰ পিছতো সমস্যা সমাধানত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷ অতিশীঘ্ৰে সমস্যাৰ স্থায়ী সমাধান নকৰিলে নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ ৷

ধুবুৰী, 6 ছেপ্তেম্বৰ : ধুবুৰীৰ বাহিৰ শালমাৰা অঞ্চলত বৰ্তমানেও অব্যাহত আছে ভয়ংকৰ গৰাখহনীয়া । জিলাখনৰ টিপকাই, গৌৰাং আৰু ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াই নিদ্ৰা হৰণ কৰিছে বাহিৰ শালমাৰাৰ 5 ম খণ্ড গাঁৱৰ লগতে ঈদগাহ, ময়দান, কবৰস্থান, বিদ্যালয়কে আদি কৰি এক বৃহত্তৰ অঞ্চল ।

আনহাতে, বিগত সময়ৰ পৰাই অঞ্চলবাসী ৰাইজে গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে জনপ্ৰতিনিধিক বাৰাম্বাৰ অনুৰোধ কৰাৰ পিচতো কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷ যাৰবাবে দেওবাৰে চৰকাৰলৈ বাট নাচাই অঞ্চলবাসী ৰাইজে গাঁওবাসীৰ পৰা বাঁহ সংগ্ৰহ কৰি সমূহীয়াভাবে বাঁহৰ বেৰ দি খহনীয়া প্ৰতিৰোধৰ ব্যবস্থা কৰিবলৈ আগবাঢ়ি আহিছে ৷

সমস্যাৰ স্থায়ী সমাধান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ধুবুৰীবাসীৰ

ইফালে, ভুক্তভোগী ৰাইজে অতিশীঘ্ৰে তেওঁলোকৰ সমস্যাৰ স্থায়ী সমাধান নকৰিলে আগন্তক বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে ভুক্তভোগী ৰাইজে ৷

সমস্যাৰ স্থায়ী সমাধান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ধুবুৰীবাসীৰ

লগতে পঢ়ক : ধুবুৰীত ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.