ETV Bharat / state

Eviction of Illegal Settlements : চৰাঞ্চলৰ অবৈধ বসতি উচ্ছেদৰ দাবীত ধুবুৰীত উত্তাল প্ৰতিবাদ

author img

By

Published : Aug 6, 2022, 9:31 PM IST

ধুবুৰীৰ বিভিন্ন চৰাঞ্চলৰ অবৈধ বসতি উচ্ছেদৰ দাবীত ধুবুৰীত উত্তাল প্ৰতিবাদ (Protests demanding eviction of illegal settlements in Dhubri) । জিলা উপায়ুক্তক স্মাৰক-পত্ৰ দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চ আৰু দেশী জনগোষ্ঠীয় মজদুৰ সংঘৰ ।

Desi
Desi

ধুবুৰী, ৬ আগষ্ট : ‘‘ধুবুৰীৰ বিভিন্ন চৰাঞ্চলত সন্দেহজনক বসতি গঢ়ি উঠিছে (Suspicious settlements built in different parts of Dhubri) । আনহাতে, উক্ত সন্দেহজনক লোকসকল বিভিন্ন অপৰাধৰ সৈতে জড়িত হৈ আছে । খিলঞ্জীয়া জনগোষ্ঠীয় লোক আৰু অনুসূচিত (মাছমৰীয়া) জাতিৰ লোকসকলৰ মাটি-সম্পত্তি দখল কৰি গৈছে পূৰ্ববংগীয় মূলৰ বিশেষ জনগোষ্ঠীয় লোকে’’ । এই ছাঞ্চল্যকৰ অভিযোগ দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চ আৰু দেশী জনগোষ্ঠীয় মজদুৰ সংঘৰ ।

সন্দেহজনক বসতি উচ্ছেদৰ দাবীত আজি ধুবুৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চ আৰু দেশী জনগোষ্ঠীয় মজদুৰ সংঘই (massive protest in Dhubri demanding eviction of suspicious settlements)। উল্লেখ্য যে ধুবুৰী বিধানসভা সমষ্টিৰ কাইম ভাষানি, পাটামাৰী আদি বিভিন্ন চৰাঞ্চলত একাংশ সন্দেহজনক লোক বিগত প্ৰায় ত্ৰিছ-চল্লিছ বছৰ ধৰি বসতি স্থাপন কৰি অহাৰ বিপৰীতে ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ লাট মণ্ডলৰ সৈতে গোপন বুজাবুজি কৰি খিলঞ্জীয়াৰ মাটি-সম্পত্তি দখল কৰি গৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠন দুটাই (Dhubri Desi Youth Students Forum and Mazdoor Sangha protest) ।

চৰাঞ্চলৰ অবৈধ বসতি উচ্ছেদৰ দাবীত ধুবুৰীত উত্তাল প্ৰতিবাদ

পূৰ্ববংগীয় মূলৰ একাংশ লোকে খিলঞ্জীয়াৰ মাটি-সম্পত্তি দখল কৰি বসতি স্থাপন কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে । খিলঞ্জীয়া দেশী আৰু মাছমৰীয়া অনুসূচিত জাতি সম্প্ৰদায়ৰ ভূমিৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি প্ৰকৃত গৰাকীক ভূমি অৰ্পণ কৰা, খিলঞ্জীয়া দেশীসকলৰ নিৰাপত্তা সু নিশ্চিত কৰা, দেশী জনগোষ্ঠীক ডি ভোটাৰ বিদেশী ন্যায়াধীকৰণৰ গোচৰৰ পৰা মুক্ত কৰা, খিলঞ্জীয়া দেশীসকলৰ নিৰাপত্তা সু নিশ্চিত কৰা দাবীত বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জিলা উপায়ুক্তক পৃথকে পৃথকে একোখনকৈ স্মাৰক-পত্ৰ প্ৰদান কৰি শীঘ্ৰেই উক্ত সন্দেহজনক বসতিসমূহ উচ্ছেদ কৰি খিলঞ্জীয়া নাগৰিকক মাটি-সম্পত্তি প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Memorandum to Dhubri DC Demanding protection to indigenous citizens) । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় দুই শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Crude oil seized in sivasagar: গৌৰীসাগৰত 4 চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.