ETV Bharat / city

Crude oil seized in sivasagar: গৌৰীসাগৰত 4 চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ

author img

By

Published : Aug 6, 2022, 5:32 PM IST

Crude oil seized in sivasagar
গৌৰীসাগৰত 4 চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ

গৌৰীসাগৰ আৰক্ষীয়ে যোৱা 2 আগষ্টত এখন ক্ৰুড অইল ভৰ্তি ট্ৰাক জব্দ কৰিছিল (Crude oil seized in Gaurisagar) । আৰক্ষীয়ে ট্ৰাকখনৰ পৰা প্ৰায় 48 ড্ৰাম সন্দেহযুক্ত খাৰুৱা তেল জব্দ কৰিছিল ৷ এই ঘটনাৰ অভিযান চলাই শনিবাৰে গৌৰীসাগৰ আৰক্ষীয়ে 4 চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷

আমগুৰি,6 আগষ্ট: শিৱসাগৰৰ গৌৰীসাগৰত ক্ৰুড অইলৰ বেহা চলোৱা অভিযোগত গৌৰীসাগৰ আৰক্ষীয়ে শনিবাৰে 4 চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰাং ব্যৱসায়ীকেইটা ক্ৰমে অমৰজিৎ, খাল হাৰ্চ পাল, দয়া নিধান গুপ্তা আৰু প্ৰেম দৰ্শন সিং বুলি জানিব পৰা হৈছে ৷

গৌৰীসাগৰ আৰক্ষীয়ে ২ আগষ্টৰ পুৱতি নিশা UP-32 QN 7217 নম্বৰৰ এখন ক্ৰোড অইল ভৰ্তি ট্ৰাক জব্দ কৰিছিল ৷ আৰক্ষীয়ে ট্ৰাকৰ পৰা ৪৮ ড্ৰাম সন্দেহযুক্ত ক্ৰোড অইল জব্দ কৰিবলৈ সক্ষম হয় । ট্ৰাকখন তিনিচুকীয়াৰ নিউ জ্যোতি নগৰৰ পৰা যোৰহাট অভিমুখী গৈ থকা সময়তে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷

গৌৰীসাগৰত 4 চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ

গৌৰীসাগৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত 90/2002 নং গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120(B) /379/411/353/34/ R/W SEC 7 ৰ অধীনত গ্ৰেপ্তাৰ কৰে চাৰিজন লোকক । বৰ্তমান আৰক্ষীয়ে তিনিচুকীয়াৰ এটা গুডামত ক্ৰুড অইল সৰবৰাহ তথা প্ৰস্তুতকৰণত ব্যৱহৃত কেতবোৰ সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : Crude oil seized: গৌৰীসাগৰত ড্ৰামে ড্ৰামে খাৰুৱা তেল জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.