Crude oil seized: গৌৰীসাগৰত ড্ৰামে ড্ৰামে খাৰুৱা তেল জব্দ

By

Published : Aug 2, 2022, 2:14 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

গৌৰীসাগৰত সন্দেহযুক্ত খাৰুৱা তেল জব্দ (crude oil seized at Gaurisagar) । 37 নং ৰাষ্ট্ৰীয় ঘাইপথত গৌৰীসাগৰ আৰক্ষীৰ নাকা তালাচীত 48 ড্ৰাম সন্দেহযুক্ত খাৰুৱা তেল জব্দ কৰা হয় ৷ নিশা প্ৰায় তিনি বজাত UP-32 QN 7217 নম্বৰৰ এখন ছয়চকীয়া ট্ৰাকত শিৱসাগৰৰ পৰা যোৰহাট দিশলৈ লৈ যোৱা হৈছিল সন্দেহযুক্ত খাৰুৱা তেলখিনি ৷ আৰক্ষীয়ে অভিযানত ট্ৰাকচালক অমৰজিত আৰু খালচি হাৰ্চ পল নামৰ 2 জনক আটক কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.