ETV Bharat / state

বিলাসীপাৰাত উদ্ধাৰ বিলুপ্তপ্ৰায় বনৰৌ

author img

By

Published : Jun 6, 2019, 9:44 AM IST

বিলাসীপাৰাত উদ্ধাৰ বিলুপ্ত প্ৰায় বন ৰৌ

চাৰিদিন পূৰ্বে গাঁৱখনৰ বাসিন্দা তথা মাছমৰীয়া ছৈয়দ আলীৰ মাছ ধৰা জালত উদ্ধাৰ হৈছিল বনৰৌটো | মাছমৰীয়া জনৰ জালত উদ্ধাৰ হোৱা বিৰল প্ৰজাতিৰ বনৰৌটো বন বিভাগক গতাই দিয়াৰ পৰিৱৰ্তে বিগত চাৰি দিন ধৰি নিজৰ ঘৰতে ৰাখি থয় ৷

ধুবুৰী, 6 জুনঃ বিলাসীপাৰাত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰৌ | বিলাসীপাৰা আৰক্ষী আৰু শালকোচা বন বিভাগৰ অভিযানত উদ্ধাৰ হয় বনৰৌটো | বুধবাৰে নিশা ছুৱাপাতা পঞ্চম খণ্ড গাঁৱৰ ছৈয়দ আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বিলুপ্ত প্ৰায় প্ৰাণীটো | উল্লেখ্য যে, বিগত চাৰিদিন পূৰ্বে গাঁৱখনৰ বাসিন্দা তথা মাছমৰীয়া ছৈয়দ আলীৰ মাছ ধৰা জালত উদ্ধাৰ হৈছিল বনৰৌটো | মাছমৰীয়া জনৰ জালত উদ্ধাৰ হোৱা বিৰল প্ৰজাতিৰ বনৰৌটো বন বিভাগক গতাই দিয়াৰ পৰিৱৰ্তে বিগত চাৰি দিন ধৰি নিজৰ ঘৰতে ৰাখি থৈ দিয়ে | পাছত ঘটনাৰ বিষয়ে জানিব পাৰি ধুবুৰী জিলা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত বুধবাৰে নিশা অভিযান চলাই উদ্ধাৰ কৰে বনৰৌটো | উদ্ধাৰ হোৱা বন ৰৌটো নিশাৰ ভিতৰতে বন বিভাগে শালকোচা আঞ্চলিক বন কাৰ্যালয়লৈ লৈ যায় | আনহাতে, বৃহস্পতিবাৰে কোকৰাঝাৰৰ চৰাইখোলাত থকা বন বিভাগৰ ৱাইল্ড লাইফ কেয়াৰ লৈ নিয়া হ'ব বুলি বন বিষয়া নৃপেন নাথে জানিবলৈ দিয়ে |

বিলাসীপাৰাত উদ্ধাৰ বিলুপ্ত প্ৰায় বন ৰৌ
Intro:A. I - বিলাসীপাৰাত এটা দুষ্প্ৰাপ্য বন ৰৌ উদ্ধাৰ | বিলাসীপাৰা আৰক্ষী আৰু শালকোচা বন বিভাগৰ অভিযানত উদ্ধাৰ হয় বন ৰৌ টো | বুধবাৰে নিশা ছুৱাপাতা পঞ্চম খণ্ড গাঁৱৰ ছৈয়দ আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বিৰল প্ৰজাতিৰ জীৱটো | বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত দুষ্প্ৰাপ্য জীৱটে উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে |Body:V. O - বিগত চাৰিদিন মান পূৰ্বে গাঁও খনৰ বাসিন্দা তথা মাছমৰীয়া ছৈয়দ আলীৰ মাছ ধৰা জালত উদ্ধাৰ হৈছিল দুষ্প্ৰাপ্য বনৰৌটো | মাছমৰীয়া জনৰ জালত উদ্ধাৰ হোৱা বিৰল প্ৰজাতিৰ বনৰৌটো বন বিভাগক গতাই দিয়াৰ পৰিবৰ্তে বিগত চাৰি দিন ধৰি নিজৰ ঘৰতে ৰাখি থৈ দিয়ে |Conclusion:পিছত ঘটনাৰ বিষয়ে জানিব পাৰি ধুবুৰী জিলা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত বুধবাৰে নিশা অভিযান চলাই উদ্ধাৰ কৰে বন ৰৌ টো | উদ্ধাৰকৃত বন ৰৌ টো নিশাৰ ভিতৰতে বন বিভাগে শালকোচা আঞ্চলিক বন কাৰ্যালয় লৈ নিয়ে | আজি কোকৰাঝাৰ জিলাৰ চৰাইখোলাত থকা বন বিভাগৰ ৱাইল্ড লাইফ কেয়াৰ লৈ নিয়া হব বুলি বন বিষয়া নৃপেন নাথে জানিবলৈ দিয়ে |
Byte বন বিষয়া, শালকোচা আঞ্চলিক বন কাৰ্যালয় |

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত আছাম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.