জুৱাৰীৰ পৰা ধন লোৱাৰ অভিযোগত সুখচৰ থানাৰ OCক নিলম্বন

author img

By

Published : Nov 19, 2021, 5:27 PM IST

Police suspension

এইবাৰ জুৱাৰীৰ পৰা ধন সংগ্ৰহ কৰি বিপদত এগৰাকী আৰক্ষী বিষয়া । দুৰ্নীতিৰ আশ্ৰয় লোৱা দক্ষিণ শালমাৰা মানকাচৰৰ আৰক্ষী বিষয়াগৰাকীক নিলম্বন । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ।

ধুবুৰী,১৯ নৱেম্বৰ: আৰক্ষীৰ পোছাকত পুনৰ দাগ লগালে দক্ষিণ শালমাৰাৰ এগৰাকী আৰক্ষী বিষয়াই । জুৱাৰীৰ (gambler) পৰা ধন সংগ্ৰহ অভিযোগত নিলম্বন আৰক্ষী বিষয়াগৰাকীক । নিলম্বিত বিষয়াগৰাকী সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (OC) বিনোদ কুমাৰ দাস ।

উল্লেখ্য যে অঞ্চলটোত চলি থকা অবৈধ জুৱা বন্ধ কৰাৰ পৰিৱৰ্তে জুৱাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছিল আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে । ধন সংগ্ৰহৰ ভিডিঅ' প্ৰকাশ হোৱাৰ পাছতে ঘোচখোৰ বিষয়াগৰাকীৰ বিৰুদ্ধে নিলম্বনৰ দাবী উত্থাপন হৈছিল । আনকি এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰিও সম্প্ৰচাৰ হৈছিল ।

জুৱাৰীৰ পৰা ধন লোৱাৰ অভিযোগত সুখচৰ থানাৰ OCক নিলম্বন

ইয়াৰ পাছতে জিলাখনৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালে তৎকালীনভাৱে অভিযুক্ত বিষয়াগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰে । লগতে ঘটনা সন্দৰ্ভত তদন্তৰো নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে এইগৰাকী আৰক্ষী বিষয়াই নহয় ইয়াৰ পূৰ্বেও বহু আৰক্ষী বিষয়াই সমগ্ৰ অসম আৰক্ষীক কলংকিত কৰিছে । বহু বিষয়া ইতিমধ্যে নিলম্বিত হৈছে । কিন্তু তাৰ পাছতো একাংশ আৰক্ষী বিষয়াই এনেদৰে দুৰ্নীতিত লিপ্ত হোৱাৰ লগে লগে এতিয়া অসম আৰক্ষীৰ ওপৰত বহুতে বিশ্বাস হেৰুওৱাৰ কথা উল্লেখ কৰিছে ।

অৱশ্যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ শলাগ লৈছে বিভিন্নজনে । দুৰ্নীতি (Corruption) বিৰোধী স্থিতি হিচাপে ঘোচখোৰ অভিযুক্ত আৰক্ষীজনক নিলম্বন কৰাৰ লগে লগে বিভিন্ন মহলে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীক ধন্যবাদ জ্ঞাপনো কৰিছে ।

আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে জুৱাৰীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ বাবে দীপাৱলীৰ (Diwali) প্ৰাকক্ষণত শীৰ্ষ পৰ্যায়ৰ পৰা কঠোৰ নিৰ্দেশনা জাৰী কৰা হৈছিল । যাৰ বাবে জিলাখনৰ প্ৰতিখন থানাৰে ভাৰপ্ৰাপ্ত বিষয়াসকলে জুৱাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে । কিন্তু তাৰ মাজতে এইগৰাকী আৰক্ষী বিষয়াৰ কৰ্মকাণ্ডই আৰক্ষী অধীক্ষকগৰাকীক আচৰিত কৰি তুলিছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক:ধন দাবীৰ অভিযোগত সংগঠনৰ পৰা বহিষ্কাৰ ছাত্ৰ নেতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.