ETV Bharat / state

ধুবুৰী আৰক্ষীৰ জালত কুখ্যাত গো মাফিয়া !

author img

By

Published : Oct 6, 2020, 8:47 PM IST

most-wanted-cattle-smuggler-arrested
ধুবুৰী আৰক্ষীৰ জালত কুখ্যাত গো মাফিয়া !

ছাদ্দাম আলী হৈছে অসম আৰক্ষীৰ মষ্ট ৱান্টেডৰ তালিকাত থকা গো মাফিয়া আদম আলীৰ ভাতৃ । ভাৰতৰ পৰা বাংলাদেশলৈ গৰুৰ চোৰাং চালানৰ ছিণ্ডিকেটত আদমৰ লগতে ভাতৃ ছাদ্দাম আলীও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ।

ধুবুৰী, 6 আগষ্ট : ধুবুৰী আৰক্ষীৰ জালত পৰিছে কুখ্যাত গো-মাফিয়া। কুখ্যাত গো মাফিয়া আদম আলীৰ ছাদ্দাম আলীক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে। ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবগত অৱস্থিত বাসগৃহৰ পৰা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাদ্দাম আলীক। ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাদ্দাম আলীক।

ধুবুৰী আৰক্ষীৰ জালত কুখ্যাত গো মাফিয়া !

উল্লেখ্য যে, ছাদ্দাম আলী হৈছে অসম আৰক্ষীৰ মষ্ট ৱান্টেডৰ তালিকাত থকা গো মাফিয়া আদম আলীৰ ভাতৃ । ভাৰতৰ পৰা বাংলাদেশলৈ গৰুৰ চোৰাং চালানৰ ছিণ্ডিকেটত আদমৰ লগতে ভাতৃ ছাদ্দাম আলীও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে । ধৃত ছাদ্দামৰ পৰা ধুবুৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে গৰুৰ চোৰাং ছিণ্ডিকেট চক্ৰৰ ন ন তথ্য। শীঘ্ৰেই ধুবুৰী আৰক্ষীৰ জালত পৰিব পাৰে কুখ্যাত গো মাফিয়া আদম আলীও।

লগতে পঢ়ক : সাংবাদিকতাৰ পৰা সংসদীয় ৰাজনীতিলৈ অজিত ভূঞাৰ যাত্ৰা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.