ETV Bharat / state

Dhubri news:শুকুৰবাৰৰ নিশা আজমীৰ হুছেইনে কিয় জপিয়াইছিল পুখুৰীত ?

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 9:08 AM IST

missing man dead body recovered in dhubri
যুৱকৰ মৃতদেহ উদ্ধাৰ

ধুবুৰীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰৰ পিচতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কিয় আৰু কাৰ ভয়ত পানীত জাঁপ দিছিল আজমীৰে ?

যুৱকৰ মৃতদেহ উদ্ধাৰ

ধুবুৰী, 6 নৱেম্বৰ : দুদিনৰ পিচত উদ্ধাৰ সন্ধানহীন যুৱকৰ মৃতদেহ ৷ মৃতদেহ উদ্ধাৰৰ পিচতেই সৃষ্টি হয় অস্বাভাৱিক পৰিৱেশৰ ৷ স্থানীয় ৰাইজে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ লৈ যাব নোৱাৰাৰ হুমকি দিয়ে আৰক্ষীক ৷ দুদিনৰ পিচত ধুবুৰীৰ ৰে’লৱে পুখুৰীত উদ্ধাৰ হয় সন্ধানহীন যুৱক এজনৰ মৃতদেহ । বিগত শুকুৰবাৰে নিশা ধুবুৰী ৰে’লৱে ষ্টেচনৰ কাষৰ পুখুৰীত পৰি সন্ধানহীন হৈছিল ধুবুৰী চহৰৰ বিদ্যাপাৰা অঞ্চলৰ আজমীৰ হুছেইন নামৰ এজন ত্ৰিশ বছৰীয়া যুৱক ৷

জানিব পৰা অনুসৰি, অঞ্চলটোৰ চাৰিজনকৈ যুৱকক শুকুৰবাৰৰ নিশা আৰক্ষীয়ে খেদি গৈছিল ৷ খেদি যোৱাৰ সময়তে আজমীৰ হুছেইন নামৰ এজন যুৱকে আৰক্ষীৰ ভয়ত পানীত জাঁপ দিয়ে । এতিয়া মৃতদেহ উদ্ধাৰ হোৱাৰ পিচত আৰক্ষীয়ে ঠেলা মাৰি যুৱকজনক পানীত পেলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোক আৰু স্থানীয় একাংশই । শনিবাৰে পুৱাৰে নিশালৈকে এছ ডি আৰ এফ আৰু আৰক্ষীয়ে যুৱকজনক বিচাৰি উদ্ধাৰ অভিযান চলায় যদিও দেওবাৰেহে পুৱা পুখুৰীত পানীত ওপঙি উঠা অৱস্থাত উদ্ধাৰ হয় আজমীৰ হুছেইনৰ মৃতদেহ ।

দেওবাৰে মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ নিয়াৰ ক্ষেত্ৰত আৰক্ষীক বাধা প্ৰদান কৰে স্থানীয় উত্তেজিত লোকে । পিচত পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় আৰক্ষীয়ে । মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিচত দেওবাৰে স্থানীয় কৱৰস্থানত এক শোকাকূল পৰিৱেশৰ মাজত জানাজা সম্পন্ন কৰা হয় ।

লক্ষণীয় বিষয় যে, নিশা আৰক্ষীয়ে কি কাৰণত খেদি গৈছিল চাৰিজন যুৱকক সেইয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই । স্থানীয় ৰাইজে জনোৱা মতে, আজমীৰ হুছেইনে এজন লোকক মোবাইল দিবলৈ গৈছিল । তেনে সময়তে আৰক্ষীয়ে খেদি খেদি গৈ যুৱকজনক পানীত পেলাই দিয়ে বুলি অভিযোগ তুলিছে তেওঁলোকে । আনকি আৰক্ষীয়ে তৎক্ষণাত যুৱকজনক উদ্ধাৰ কৰাৰ বিপৰীতে ঘটনাস্থলীৰ পৰা পলায়ন কৰা বুলিও অভিযোগ উঠিছে । ঘটনাক লৈ বৰ্তমানে অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা ।

লগতে পঢ়ক : Youth tragic death: খেতিপথাৰত কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.