ETV Bharat / state

চিয়াং নদীৰ বাঢ়নী পানীত বিধ্বস্ত জোনাইৰ শ শ বিঘা কৃষি ভূমি

author img

By

Published : Jul 22, 2019, 2:11 PM IST

চিয়াং নদীৰ বানত বিধস্ত হ'ল জোনাইৰ শ শ বিঘা পথাৰৰ ৰোৱা ধান ৷ অঞ্চলটোৰ চহা কৃষকৰ মাজত হাহাকাৰ

চিয়াং নদীৰ বাঢ়নী পানীত বিধ্বস্ত জোনাইৰ শ শ বিঘা কৃষি ভূমি

জোনাই, ২২ জুলাইঃ বানে সৰ্বহাৰা কৰা জোনাইৰ কৃষকৰ মাজত হাহাকাৰ | শ শ বিঘা পথাৰৰ ৰোৱা ধান চিয়াং নদীৰ বানে ধ্বংস কৰাত দিশহাৰা অঞ্চলবাসী| জোনাইৰ তাৰি বস্তি, তাৰি মাজগাঁও, তাৰি কছাৰী আদি প্ৰায় ৪-৫ খন গাঁৱৰ শ শ কৃষিভূমিত যোৱা ১১-১২ দিনে চিয়াং নদীৰ বাঢ়নী পানীৰ কবলত থকাত নষ্ট হৈ গৈছে কৃষিভূমি৷

চিয়াং নদীৰ বাঢ়নী পানীত বিধ্বস্ত জোনাইৰ শ শ বিঘা কৃষি ভূমি

লহপহকৈ বাঢ়ি অহা পথাৰৰ সেউজীয়া ধাননি বোৰ গেলি যোৱাৰ লগতে বোকাত পোত খাই যোৱা চিন্তিত হৈ পৰিছে অঞ্চলবাসী | ইফালে চিয়াং নদীৰ বানে বিধ্বস্ত কৰা দুৰ্ভগীয়া কৃষকৰ পথাৰত পুনৰ হাল বাই ধান ৰুবলৈও কাৰোৰে পথাৰত নাবাচিল কঠিয়া | ইফালে বান কমি অহাৰ পিছতে পথাৰৰ ৰোৱা ধান চাই মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে কৃষকৰ |

Intro:Body:জোনাইত শ শ বিঘা পথাৰৰ ৰুৱা ধান খেতি বিধ্বস্ত চিয়াঙৰ বানত/ হাহাকাৰ শশ কৃষকৰ মাজত

জোনাই ২২ জুলাই

বানে সৰ্বহাৰা কৰা জোনাইৰ কৃষৰ মাজত পুণৰ হাহাকাৰ | শ শ বিঘা পথাৰৰ ৰুৱা ধান চিয়াং নদীৰ বানে পুতিলে বোকা, বালিৰে| জোনাইৰ তাৰি বস্তি, তাৰি মাজগাঁৱ, তাৰি কছাৰী আদি প্ৰায় ৪-৫ খন গাঁৱৰ শ শ কৃষিভূমিত যোৱা ১১-১২ দিনে চিয়াং নদীৰ বাঢ়নী পানীয়ে বুৰাই ৰখাত কৃষকে ৰুৱা লহপহকৈ বাঢ়ি অহা পথাৰৰ সেউজীয়া ধাননিৰবোৰ গেলি যোৱাৰ লগতে পুত গৈ আছে বোকা, বালিৰ তলত| ইফালে চিয়াং নদীৰ বানে বোকা বালিৰে ধোঁৱাই বিধ্বস্ত কৰা দুৰ্ভগীয়া কৃষকৰ পথাৰত পুনৰ পথাৰত হাল বাই ধান ৰুৱলৈ কাৰোৰে পথাৰত নাবাচিল কঠিয়াও| কাৰণ যোৱা কেইবাদিনো বানত বুৰ গৈ থকাত কঠিয়াবোৰ ৰলগৈ গেলি যোৱা অৱস্থাত| ইফালে বানৰ কবলত পৰি হাহাকাৰ মাৰ নোযোৱাত বান কমি অহাৰ পিছত এনেদৰে কপালৰ ঘাম বৈ কৃষকে পথাৰত ৰুৱা ধানবোৰ বানে বিধ্বস্ত কৰাত মূৰে কপালে হাত দিবলগীয়া অৱস্থা কৃষকৰ | এতিয়া জোনাইৰ এইসকল কৃষকে পৰিয়ালক লৈ অনাগত দিনবোৰত কেনেকৈ চলিব ইয়াকে লৈ পুনৰ সৃষ্টি হৈছে হাহাকাৰ |

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.