ETV Bharat / state

ধুবুৰীত বিলাতী সুৰাসহ পিতা-পুত্ৰক গ্ৰেপ্তাৰ

author img

By

Published : Mar 6, 2021, 8:28 PM IST

ধুবুৰীৰ ফকিৰগঞ্জত বিলাতী সুৰাসহ পিতা-পুত্ৰক গ্ৰেপ্তাৰ
ধুবুৰীৰ ফকিৰগঞ্জত বিলাতী সুৰাসহ পিতা-পুত্ৰক গ্ৰেপ্তাৰ

ধুবুৰীৰ ফকিৰগঞ্জত অবৈধ সুৰা ব্য়ৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ফকিৰগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অবৈধ সুৰা ব্যৱসায়ী হানিফ আলী আৰু তেওঁৰ পুত্ৰ ৰাছিদুল ইছলামক । এই অভিযানত আৰক্ষীয়ে জব্দ কৰে বিলাতী সুৰাৰ ৬০টা বটল ।

ধুবুৰী, ৬ মাৰ্চ: ধুবুৰীৰ ফকিৰগঞ্জত আৰক্ষীয়ে অভিযান চলাই বিলাতী সুৰাসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে । ফকিৰগঞ্জৰ মাটিফাটা অঞ্চলত হানীফ আলী নামৰ এজন লোকৰ বাসগৃহৰ পৰা আৰক্ষীয়ে বিলাতী সুৰাৰ ৬০টা বটল জব্দ কৰে । গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলায় ।

অবৈধভাৱে সুৰাৰ ব্যৱসায় কৰাৰ অভিযোগত আৰক্ষীয়ে হানীফ আলীৰ লগতে পুত্ৰ ৰাছিদুল ইছলামক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ধৃত পিতা-পুত্ৰক শনিবাৰে জিলা আবকাৰী বিভাগক গটাই দিয়ে ।

ধুবুৰীৰ ফকিৰগঞ্জত বিলাতী সুৰাসহ পিতা-পুত্ৰক গ্ৰেপ্তাৰ
ধুবুৰীৰ ফকিৰগঞ্জত বিলাতী সুৰাসহ পিতা-পুত্ৰক গ্ৰেপ্তাৰ

সুৰাৰ বিৰুদ্ধে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে অভিযান চলাইছে যদিও ৰহস্যজনকভাৱে এই ক্ষেত্ৰত আবকাৰী বিভাগে নিৰৱতা অৱলম্বন কৰি আহিছে । অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অনাগত সময়তো আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে ।

লগতে পঢ়ক:বিধানসভা নিৰ্বাচনঃ এসপ্তাহত ৰাজ্যত জব্দ ৮৪.৪৩ লাখ নগদ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.