ETV Bharat / state

Scam in public property : স্কুল পৰিদৰ্শকক মেনেজ কৰি চাকৰি বচোৱাৰ আপ্ৰাণ চেষ্টা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীৰ!

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 2:08 PM IST

বিদ্যালয়ৰ সা-সম্পত্তি বিক্ৰীৰ অভিযোগ প্ৰাক্তন প্ৰধান শিক্ষক আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ৷ নিলম্বনৰ পিচতো স্কুল পৰিদৰ্শকক মেনেজ কৰি চাকৰি বচোৱাৰ বাবে নিকৃষ্ট পন্থা গ্ৰহণৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ ৷ ক্ষোভৰ সৃষ্টি বিদ্যালয় পৰিচালনা সমিতিৰ মাজত ৷

huge scam in jogir mahal high school in Dhubri
স্কুল পৰিদৰ্শকক মেনেজ কৰি চাকৰি বচোৱাৰ আপ্ৰাণ চেষ্ঠা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীৰ

স্কুল পৰিদৰ্শকক মেনেজ কৰি চাকৰি বচোৱাৰ আপ্ৰাণ চেষ্টা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীৰ!

বিলাসীপাৰা, 3 নৱেম্বৰ: ধুবুৰী জিলাৰ বিলাসীপাৰাৰ যোগীৰমহল হাইস্কুলত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ পৰীক্ষাগাৰৰ নামত আৱণ্টিত 12 লাখ টকাৰ কেলেংকাৰী কৰি নিলম্বিত হোৱা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মমতাজ বেগমে আজিও কৰ্তৃত্ব খামুচি থকাৰ অভিযোগ তুলিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ বিদ্যালয়খনত অটো ট্ৰেংকাৰীং লেব’ৰটেৰীৰ বিভিন্ন আঁচনিৰ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগত ইতিমধ্যে নিলম্বন কৰা হৈছে প্ৰাক্তন প্ৰধান শিক্ষক নুৰ ইছলাম আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মমতাজ বেগমক ।

2016-2022 বৰ্ষ পৰ্যন্ত প্ৰায় 12 লাখ টকাৰ বিদ্যালয়খনৰ বয়-বস্তু বিক্ৰীৰ অভিযোগ প্ৰাক্তন প্ৰধান শিক্ষক নুৰ ইছলাম আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মমতাজ বেগমৰ বিৰুদ্ধে । বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ অভিযোগৰ ভিত্তিত বিদ্যালয়খনত শিক্ষা বিভাগে তদন্ত চলায় ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মমতাজ বেগমক নিলম্বন কৰে । উল্লেখযোগ্য যে 2021 বৰ্ষৰ 31 ডিচেম্বৰৰ দিনা নুৰ ইছলামে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছি আৰু 2021 বৰ্ষৰ 1 মাৰ্চত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল মমতাজ বেগমে ।

প্ৰাপ্ত অভিযোগ মতে চাকৰিকালত দুয়োজনে মিলি বিদ্যালয়খনৰ বিভিন্ন সা-সামগ্ৰী বিক্ৰী কৰি সমুদায় ধন আত্মসাৎ কৰিছিল । ফলত পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মমতাজ বেগম নিলম্বিত হ'বলগীয়া হৈছিল । আশ্চৰ্যকৰ বিষয় যে, নিলম্বনৰ পিচতো মমতাজে শিক্ষা বিভাগৰ নিৰ্দেশনালৈ অংগ্ৃপষ্ঠ প্ৰদৰ্শন কৰি আজি পৰ্যন্ত এৰা নাই নিজৰ চকী ।

আনকি ধুবুৰী জিলা স্কুল পৰিদৰ্শকক মেনেজ কৰি স্কুলৰ বিক্ৰী হোৱা সামগ্ৰী বিদ্যালয়খনত পুনৰ মজুত কৰি নিজৰ চাকৰি বটোৱাৰো চেষ্ঠা চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে । সমান্তৰালভাৱে, লাখ টকাৰ সা-সামগ্ৰী বিক্ৰী কৰি নিলম্বিত হোৱা মমতাজে পৰৱৰ্তী সময়ত চৰকাৰী সা-সামগ্ৰীবোৰ ক'ৰ পৰা আৰু কেনেকৈ গ্ৰহণ কৰিলে সেই প্ৰশ্নৰো অৱতাৰণা হৈছে ৷

শিক্ষয়িত্ৰীগৰাকীৰ এনে কাৰ্যৰ বিৰুদ্ধে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল স্থিতি গ্ৰহণ কৰি অহা বুলি দাবী কৰি অহা চৰকাৰ তথা শিক্ষা বিভাগটোৱে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব এক লক্ষণীয় বিষয় ৷

লগতে পঢ়ক: Congress slams BJP: পিয়াঁজেই সৰ্বনাশ মাতিছিল কংগ্ৰেছ দললৈ বুলি কিয় ক’লে বিৰোধী দলপতিয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.