ETV Bharat / state

ধুবুৰীত শিলৰ চিণ্ডিকেট: নিলম্বিত হ’ল আঞ্চলিক বন বিষয়া

author img

By

Published : Jun 2, 2021, 10:58 AM IST

forester_suspended
ধুবুৰীৰ ছাগলীয়া আঞ্চলিক বন বিষয়াক নিলম্বন

ধুবুৰীৰ ছাগলীয়া আঞ্চলিক বন বিষয়াক নিলম্বন । শিলকে ধৰি বিভিন্ন ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগত নিলম্বিত আঞ্চলিক বন বিষয়া দীপক চক্ৰৱৰ্তী ।

ধুবুৰী, 2 জুন : ধুবুৰীৰ ছাগলীয়া আঞ্চলিক বন বিষয়াক তৎকালীন ভাৱে নিলম্বন । অসম বংগ সীমান্তৰ ছাগলীয়া আঞ্চলিক বন বিষয়া দীপক চক্ৰৱৰ্তীক মঙলবাৰে নিলম্বন কৰে ধুবুৰী জিলা বন বিষয়াই ।

forester_suspended
ধুবুৰীত শিলৰ চিণ্ডিকেট: নিলম্বিত হ’ল আঞ্চলিক বন বিষয়া

উল্লেখ্য যে, কেইদিনমান পূৰ্বে অসম বংগৰ ছাগলীয়াত আৰক্ষীয়ে চলাইছিল এক অভিযান ৷ উক্ত অভিযানত অত্যাধিক পৰিমাণত শিল ভৰ্তি কৰি নিয়া ১২২ খন ট্ৰাক জব্দ কৰি আৰক্ষীয়ে গতাই দিছিল ধুবুৰী বন বিভাগক । তাৰ পাচতেই ধুবুৰী বন বিভাগে আৰম্ভ কৰিছিল তদন্ত । আঞ্চলিক বন বিষয়া দীপক চক্ৰৱৰ্তীৰ নিলম্বনৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই যদিও শিল ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ বাবেই নিলম্বন কৰাৰ সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক : ডিমা হাচাওত সন্দেহযুক্ত এন এছ চি এন (আইএম) সদস্য গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.