ETV Bharat / state

গোলকগঞ্জৰ আগমনী আৰক্ষীৰ চৰম উদ্ভাণ্ডালি

author img

By

Published : May 28, 2021, 6:09 PM IST

গোলকগঞ্জৰ আগমনী আৰক্ষীৰ চৰম উদ্ভাণ্ডালি । আৰক্ষীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ । দুঘণ্টা বিদ্যুৎ কৰ্তন কৰি প্ৰতিবাদ সাব্যস্ত ।

golakganj
গোলকগঞ্জৰ আগমনী আৰক্ষীৰ চৰম উদ্ভাণ্ডালি

গোলকগঞ্জ, ২৮ মে': শুকুৰবাৰে ধুবুৰী জিলাৰ আগমনী বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ সম্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে । ঘটনা অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া সফিয়ৰ ৰহমান আৰু সুনীল ৰায় নামৰ দুজন বিদ্যুৎ কৰ্মচাৰীয়ে বিদ্যুতৰ কাম কৰি ঘৰলৈ উভতি গৈ আছিল ।

ইফালে, অতিমাৰীৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন এচ অ’ পিৰ বাবে কঠোৰ হৈছে অসম আৰক্ষী । বিদ্যুৎ কৰ্মচাৰী দুজনে তেওঁলোকৰ কাম শেষ কৰি গৈ থকা সময়ত ঝাপুচাবাৰী বজাৰত মুখামুখি হয় আগমনি আৰক্ষীৰ ।

golakganj
আৰক্ষীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

আৰক্ষীক তেওঁলোকে নিজৰ পৰিচয় পত্ৰ দেখুওৱা সত্ত্বেও দুয়োজনকে লাঠি চালনা কৰে । ইয়াৰোপৰি, সুজিত ৰায় আৰু দীপক ৰায়ক ভাই বজাৰত দুচকীয়া বাহনৰ পৰা নমাই খোজ কঢ়াই পঠিয়াই ।

জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোককো ৰেহাই নিদিলে আৰক্ষীয়ে । আনহাতে, কিছুদিন পূৰ্বে ৫০ৰ উৰ্দ্ধৰ গৰ্গ নাথ অধিকাৰীকো পৰিচয় পত্ৰ দেখুওৱা সত্ত্বেও বেয়াকৈ মাৰধৰ কৰে আৰক্ষীয়ে ।

golakganj
গোলকগঞ্জৰ আগমনী আৰক্ষীৰ চৰম উদ্ভাণ্ডালি

ইয়াৰ প্ৰতিবাদতে শুকুৰবাৰে আগমনি বিদ্যুৎ উপ-সংমণ্ডলৰ কৰ্মচাৰীসকলে দুঘণ্টা বিদ্যুৎ কৰ্তন কৰাৰ লগতে অসম আৰক্ষী হায় হায় আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কৰ'ণাতংকৰ সময়ত নিজৰ জীৱনকো তুচ্ছ কৰি দিনে-নিশাই বিদ্যুৎ কৰ্মচাৰীসকলে বিদ্যুৎ সেৱা আগবঢ়াই আহিছে ।

কিন্তু তেনে সময়তে আগমনি আৰক্ষীয়ে জৰুৰী সেৱাত নিয়োজিত কৰ্মীৰ ওপৰত চলোৱা আক্ৰমণক তীব্ৰ গৰিহণা দি প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, জৰুৰীকালীন সেৱাৰ সৈতে জড়িত এইসকল বিদ্যুৎ কৰ্মচাৰীৰ ওপৰত এনেদৰে চলোৱা অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষী বিভাগৰ উৰ্দ্ধতম বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক: কৰিমগঞ্জৰ চৰগোলাত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.