ETV Bharat / state

ধুবুৰীত নিচাজাতীয় দ্ৰব্যসহ এজনক আটক

author img

By

Published : May 27, 2021, 2:10 PM IST

drugs_sized at dhubri
ধুবুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ধুবুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত নিচাজাতীয় কফ চিৰাপ সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

ধুবুৰী, 27 মে’ : সমগ্ৰ ৰাজ্যত কৰ’ণা সংক্ৰামণে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ধুবুৰীৰ বিভিন্ন অঞ্চলত এচাম লোকে গোপনে চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । তেনে এক গোপন বেহাৰ তথ্যৰ ভিত্তিত ধুবুৰী চহৰৰ এ.এম.কোঃ ৰোড অঞ্চলত আৰক্ষীয়ে অভিযান চলায় ।

drugs_sized at dhubri
ধুবুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

আবুল হাশেম নামৰ এজন লোকৰ ঘৰত অভিযান চলাই 44 টা নিচাজাতীয় কফ চিৰাপ জব্দ কৰে ধুবুৰী আৰক্ষীয়ে । অবৈধ ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাকিবুল ইছলাম ওৰফে বল্টু নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী । সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যুৱকজনক ।

লগতে পঢ়ক : আমগুৰিত আৰক্ষীয়ে উৎখাত কৰিলে চুলাইৰ ঘাটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.