ETV Bharat / state

ৰন্ধনকৰ্মীৰ প্ৰতিবাদত উত্তাল ধুবুৰী

author img

By

Published : Nov 11, 2019, 7:46 PM IST

উত্তাল ধুবুৰী

উল্লেখযোগ্য যে, জিলাখনৰ দায়িত্ব লাভ কৰা NGO টোৱে ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা মধ্যাহ্ন ভোজনৰ খাদ্য বিতৰণ কৰাৰ সিদ্ধান্ত লোৱাৰ সময়তে NGO ৰ ফালৰ পৰা যদিহে ধুবুৰী জিলাত খাদ্য বিতৰণ কৰা হয় তেন্তে NGO ই বিপদৰ সমুখীন হ'ব লাগিব বুলি সকীয়নি প্ৰদান কৰে ৰন্ধনকৰ্মীসকলে ।

ধুবুৰী, 11 নৱেম্বৰ: প্ৰাপ্যৰ দাবীত সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ-হাজাৰ ৰন্ধনকৰ্মীয়ে । চি আই টি ইউ আৰু সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন জিলা সমিতিৰ সহযোগত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই চহৰখনত বিশাল প্ৰতিবাদী বাহিৰ কৰে । ধুবুৰী ৰে'ল ষ্টেচনৰ পৰা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে শ্ৰম আৰু কল্যাণ বিভাগৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সমুখত সমবেত হৈ কাৰ্যালয়টোৰ সমুখৰ পথটো অৱৰোধ কৰি ৰাজপথত বহি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদত উত্তাল ধুবুৰী

NGO ৰ দালাল মোডী চৰকাৰ, NGO ৰ দালাল মুখ্যমন্ত্ৰী সোণোৱাল আৰু শিক্ষামন্ত্ৰী মূর্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰিলে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখযোগ্য যে, জিলাখনৰ দায়িত্ব লাভ কৰা NGO টোৱে ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা জিলাখনত মধ্যাহ্ন ভোজনৰ খাদ্য বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে ৷ আনহাতে উক্ত NGO টোৱে যদিহে ধুবুৰী জিলাত খাদ্য বিতৰণৰ বাবে প্ৰৱেশ কৰে তেন্তে NGO ৰ বাবে পৰিণাম অতি ভয়াৱহ হ'ব বুলি সকীয়নি প্ৰদান কৰে ৰন্ধনকৰ্মীসকলে।

আৰু পঢ়ক এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আৰু এক কঠিন জীৱন সংগ্ৰাম !

উল্লেখযোগ্য যে, উক্ত বিক্ষোভ কাৰ্যসূচীৰ পিচত সহকাৰী শ্ৰম আয়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ৷

Intro:ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰন্ধনকৰ্মীৰ প্ৰতিবাদত কঁপিল ধুবুৰী চহৰ। প্ৰায় সহস্ৰাধিক ৰন্ধনকৰ্মীৰ উত্তাল প্ৰতিবাদ। বিশাল প্ৰতিবাদী বিক্ষোভ সমদল উলিওৱাৰ উপৰি ধুবুৰীৰ শ্ৰম আৰু কল্যাণ বিভাগৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ।


Body:

বিদ্যালয়ৰ ৰন্ধনশাল এৰি আজি নিজৰ প্ৰাপ্যৰ দাবীত আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে হাজাৰ হাজাৰ ৰন্ধনকৰ্মী সকলে। চি আই টি ইউ আৰু সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ জিলা সমিতিৰ সহযোগত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ ধুবুৰী জিলা কমিটিৰ উদ্যোগত আজি ধুবুৰী চহৰত বিশাল প্ৰতিবাদী বিক্ষোভ সমদল উলিওৱা হয়। ধুবুৰী ৰেল ষ্টেচনৰ পৰা হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ সহস্ৰাধিক ৰন্ধনকৰ্মীয়ে ধুবুৰী চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি গৈ শ্ৰম আৰু কল্যাণ বিভাগৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত সমবেত হয়। পিছত উক্ত কাৰ্য্যালয়ৰ সন্মুখৰ পথ সম্পূৰ্ণৰূপে অৱৰোধ কৰি ৰাজপথত বহি সাব্যস্ত কৰে প্ৰতিবাদ। এন জি ওৰ দালাল মোডী চৰকাৰ, এন জি ওৰ দালাল মুখ্যমন্ত্ৰী সোণোৱাল আৰু শিক্ষামন্ত্ৰী মূর্দাবাদ আৰু হায় হায় ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে, ৰাজ্যৰ কেইবাখনো জিলাত এন জি ওক দায়িত্ব দিছে যদিওঁ ধুবুৰী জিলাৰ দায়িত্ব লাভ কৰা এন জি ওই ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা মধ্যাহ্ন ভোজনৰ খাদ্য বিতৰণ কৰাৰ সিদ্ধান্ত লোৱাৰ সময়তে এন জি ওৰ ফালৰ পৰা ধুবুৰী জিলাত খাদ্য বিতৰণ কৰা হলে এন জি ভয়াৱাহতাৰ সন্মুখীন হব লাগিব বুলি সকীয়ানি প্ৰদান কৰে ৰন্ধনকৰ্মী সকলে।

অসম চৰকাৰৰ লগতে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক তীব্ৰ সমালোচনা কৰাৰ উপৰি এন জি ওক বাতিল কৰি ৰন্ধনকৰ্মী সকলৰ চাকৰি বাহাল ৰখাৰ দাবী উত্থাপন কৰে। আনহাতে ৰন্ধনকৰ্মীৰ দাবী পূৰণ কৰা নহলে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৰন্ধনকৰ্মী সকলে।

Byte:- (03) ৰাজলক্ষী প্ৰধানী, জিলা কমিটিৰ সভানেত্ৰী।
(04) আকলিমা খাতুন, সম্পাদিকা।




Conclusion:উল্লেখযোগ্য যে, আজিৰ বিক্ষোভ কাৰ্য্যসূচীৰ পিছত সহকাৰী শ্ৰম আয়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী লৈ পৃথক পৃথকে দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে এনে ভয়াৱহ ভাবে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এতিয়া অসম চৰকাৰ আৰু শিক্ষামন্ত্ৰী গৰাকীয়ে কি ভূমিকা পালন কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.