ETV Bharat / state

কান্ধত নাঙল লৈ কৃষক আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Oct 10, 2020, 3:37 PM IST

শনিবাৰে পূৱ বিলাসীপাৰাৰ চাপৰৰ ধীৰঘাটত কংগ্ৰেছসহ কৃষক সমাজৰ উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে কৃষক বিৰোধী আইন বাতিলৰ লগতে SI কাণ্ডৰ বিৰোধিতা কৰে ৷

Congress protest against Farm Act in Chapar
কান্ধত নাঙল লৈ কৃষক আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ধুবুৰী,10 অক্টোবৰ: কৃষক বিৰোধী আইন বাতিলৰ দাবীৰে পূৱ বিলাসীপাৰাৰ চাপৰৰ ধীৰঘাটত শনিবাৰে চাপৰ-শালকোচা ব্লক কংগ্ৰেছ কমিটিৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন ।

Congress protest against Farm Act in Chapar
কান্ধত নাঙল লৈ কৃষক আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

উক্ত ধৰ্ণা কাৰ্যসূচীত বিজেপি চৰকাৰ মুৰ্দাবাদ,বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মীৰ লগতে শ শ কৃষকে ।

প্ৰতিবাদকাৰীসকলে কান্ধত নাঙল লৈ প্ৰতিবাদ কৰি শীঘ্ৰেই চৰকাৰক কৃষক বিৰোধী আইনখন বাতিল কৰিবলৈ আহ্বান জনায় । ইয়াৰোপৰি SI কাণ্ডৰ তদন্তত চিবিআইৰ হস্তক্ষেপৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: গোলাঘাটত হাতী-মানুহৰ সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.