ETV Bharat / state

Murder in Dhuburi : চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কিশোৰক

author img

By

Published : Jul 5, 2022, 6:06 PM IST

ধুবুৰীৰ ৰূপসীত জঘন্য হত্যাকাণ্ড (Murder in Dhuburi)। এগৰাকী 15 বছৰীয়া কিশোৰক হানি খুচি হত্যা কৰাৰ অভিযোগ আত্মীয়ৰ । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিৱেশৰ ৷

Brutal Murder in Dhuburi
ধুবুৰীৰ ৰূপসীত জঘন্য হত্যাকাণ্ড

ধুবুৰী, 5 জুলাই : ধুবুৰীত অঘটন ৷ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰূপসীত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড (Murder in Dhuburi)৷ এজন কিশোৰক চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে এক হুলস্থূলীয়া পৰিৱেশৰ ৷ নিহত কিশোৰজনৰ নাম ফিৰাজুল হক (15) বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, বিটিআৰৰ ৰূপচীৰ ইছলামপুৰ গাঁৱত একেখন গাঁৱৰে ৰমজান আলী আৰু ৰহমতুল্যা সেখৰ নাৰ দুজন লোকৰ মাজত সংঘাত সৃষ্টি হৈছিল ৷ পৰৱৰ্তী সময়ত দুটা ফৈদৰ মাজত মাৰপিটো হৈছিল ৷ আনকি উভয় পক্ষৰ মাৰপিটৰ ফলত এজন 15 বছৰীয়া কিশোৰ নিহত হোৱাৰ লগতে কেবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷

ধুবুৰীৰ ৰূপসীত জঘন্য হত্যাকাণ্ড

আনকি দুটা ফৈদৰ প্ৰায় 15 জনীয়া দলে হাতে-হাতে লাঠি, জোং, দা, খন্তা, ডেগাৰ আদিৰে এটা পক্ষই আনটো পক্ষক আক্ৰমণ চলাইছিল ৷ তেনে সময়তে ৰহমতুল্যা সেখৰ পুত্ৰ মনু সেখে ৰমজান আলীৰ পুত্ৰ ফিৰাজুল হক (15)ক চোকা ডেগাৰৰে ঘপিয়াই হত্যা কৰে ৷ এই অভিযোগ উত্থাপন কৰিছে নিহত ফিৰাজুল হকৰ আত্মীয়ই ৷

তাৰ পাচত অতি সংকটজনক অৱস্থাত থকা ফিৰাজুল হকক ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় যদিও আদবাটতে মৃত্যু হয় কিশোৰজনৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাচতে, ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : ডিগবৈৰ বগাপানীত লোমহৰ্ষক হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.