ETV Bharat / state

দিছপুৰলৈকে শিপা মেলিছে ব্ৰইলাৰ চিণ্ডিকেটে : আৰক্ষীৰ হাতত বিস্ফোৰক তথ্য

author img

By

Published : Apr 11, 2021, 7:58 AM IST

ধুবুৰীত কাৰ নেতৃত্বত চলিছে ব্ৰইলাৰ চিণ্ডিকেট ?
ধুবুৰীত কাৰ নেতৃত্বত চলিছে ব্ৰইলাৰ চিণ্ডিকেট ?

প্ৰতিদিনে অসম বংগ সীমান্তৰ উপৰিও শ্ৰীৰামপুৰ গেটেৰে শ শ ব্ৰইলাৰ ভৰ্তি ট্ৰাক অবৈধভাৱে প্ৰৱেশ কৰিছে অসমত । অস্বাস্থ্যকৰ পৰিৱেশৰ ব্ৰইলাৰ মুৰ্গী সমূহ যোগান ধৰা হৈছে অসমৰ বিভিন্ন বজাৰত । যদিও এইক্ষেত্ৰত একপ্ৰকাৰ নীৰৱতা অৱলম্বন কৰি আহিছে ধুবুৰী আৰক্ষী প্ৰশাসন আৰু জিলা পশু চিকিৎসা বিভাগৰ বিষয়াই ।

ধুবুৰী, 11 এপ্ৰিল : ৰাজ্যত গঢ়ি উঠিছে ব্ৰইলাৰ মুৰ্গীৰ বৃহৎ ছিণ্ডিকেট । অসম বংগ সীমান্তৰ পৰা দিছপুৰ লৈকে এই ব্ৰইলাৰ চিণ্ডিকেটৰ বজাৰ শিপোৱাৰ অভিযোগ উত্থাপন হৈছে । প্ৰতিদিনে অসম বংগ সীমান্তৰ উপৰিও শ্ৰীৰামপুৰ গেটেৰে শ শ ব্ৰইলাৰ ভৰ্তি ট্ৰাক অবৈধ ভাৱে প্ৰৱেশ কৰিছে অসমত । অস্বাস্থ্যকৰ পৰিৱেশৰ ব্ৰইলাৰ মুৰ্গী সমূহ যোগান ধৰা হৈছে অসমৰ বিভিন্ন বজাৰত । যদিও এইক্ষেত্ৰত একপ্ৰকাৰ নীৰৱতা অৱলম্বন কৰি আহিছে ধুবুৰী আৰক্ষী প্ৰশাসন আৰু জিলা পশু চিকিৎসা বিভাগৰ বিষয়াই । ইফালে ছিণ্ডিকেটৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

ধুবুৰীত কাৰ নেতৃত্বত চলিছে ব্ৰইলাৰ চিণ্ডিকেট ?
ব্রইলাৰ মুৰ্গীৰ অসমত প্ৰৱেশ হোৱাটো স্বীকাৰ কৰাৰ লগতে কোনো দুষ্ট চক্ৰৰ দ্বাৰাহে এই ব্যৱসায় চলিছে আৰু এই ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অভিযান চলোৱা হব বুলিও জানিবলৈ দিয়ে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে । আনহাতে এই কাৰ্যত কোন কোন আৰক্ষী বিষয়া কৰ্মচাৰী জড়িত থাকিলেও তেওঁৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।
ধুবুৰীত কাৰ নেতৃত্বত চলিছে ব্ৰইলাৰ চিণ্ডিকেট ?

ইপিনে অসম বংগ সীমান্তত গভীৰ নিদ্ৰাত টোপনি যোৱা পশু পালন বিভাগৰ জিলা বিষয়াৰ ভাষ্য শুনিলে আপোনাৰো চকু কপালত উঠিব । দৰাচলতে অসমত এই গাড়ী সমূহ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা থাকে পশু চিকিৎসা বিভাগৰ । অসম বংগ সীমান্তৰ প্ৰৱেশদ্বাৰত বিভাগটোৰ দুজন কৈ বিষয়া নিয়োজিত হৈ আছে যদিও নিশাৰ ভাগত বিষয়া দুগৰাকী টোপনি মাৰে বুলিহে ভাষ্য প্ৰদান কৰে জিলা পশু চিকিৎসা বিভাগৰ জিলা বিষয়া আনোৱাৰ হুছেইনে । আৰক্ষীয়ে গাড়ী সমূহ জব্দ কৰি পশু চিকিৎসা বিভাগক খবৰ দিয়াৰ পিচতহে সাৰ পায় পশু চিকিৎসা বিষয়াই । বিষয়াগৰাকীৰ মতে আৰক্ষীয়ে হেনো সহযোগ নকৰে পশু চিকিৎসা বিভাগক । তাৰোপৰি এই চিণ্ডিকেট ৰোধিবলৈ জিলা চিকিৎসা বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলিও বিষয়া গৰাকীয়ে নিজে চাঞ্চল্যকৰ স্বীকাৰোক্তি প্ৰদান কৰিছে ।
ইপিনে এই ব্ৰইলাৰ চিণ্ডিকেটৰাজৰ বিৰুদ্ধে গৰজি উঠিছে এতিয়া সচেতন ৰাইজ । ৰাইজৰ অভিযোগ অনুসৰি অসম বংগ সীমান্তৰ পৰা দিছপুৰ লৈকে গঢ়ি উঠিছে এই ছিণ্ডিকেট । শীঘ্ৰেই এই ব্ৰইলাৰ ছিণ্ডিকেট বন্ধ কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে ।

ধুবুৰীত কাৰ নেতৃত্বত চলিছে ব্ৰইলাৰ চিণ্ডিকেট ?

গোপন সুত্ৰৰ মতে, য‘ত ধুবুৰী জিলাৰ গোলোকগঞ্জ চক্ৰ আৰক্ষী পৰিদৰ্শক প্ৰাণজিৎ দাস জড়িত থকা বুলি অভিযোগ উত্থাপন হৈছে । আনকি, এই তথ্য লাভ কৰিছে জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । পিছে এই চিণ্ডিকেটৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে ধুবুৰী জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষক গৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষণীয় হ‘ব ৷
লগতে পঢ়ক: হ'ৰ্চ ট্ৰেডিঙৰ আশংকাত কম্পমান মহাজোঁটঃ অগপৰ আজিজে আজমলক লগ কৰিলে কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.