ETV Bharat / state

ধুবুৰীত ৰাজনৈতিক নেতাৰ হাতোৰাত বন্দী আৰক্ষী

author img

By

Published : Oct 27, 2020, 6:33 PM IST

BJP Workers Arrested By Police In Dhubri
ধুবুৰীত বিজয়া দশমীৰ দিনা বিজেপি কৰ্মীৰ উদ্ভণ্ডালি

ধুবুৰীত বিজয়া দশমীৰ দিনা বিজেপি কৰ্মীৰ উদ্ভণ্ডালি ৷ কৰ্তব্যৰত আৰক্ষীক অপদস্থ বিজেপি কৰ্মীৰ ৷ ঘটনা সন্দৰ্ভত আটক 4 গৰাকী কৰ্মীক ৷

ধুবুৰী, 27 অক্টোবৰ : বিজয়া দশমীৰ দিনা ধুবুৰীত সুৰাত মতলীয়া অবস্থাত কৰ্তব্যৰত আৰক্ষীক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে চাৰি গৰাকী বিজেপি কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ পিচতে ৰাজনৈতিক হেচাত পৰৱৰ্তী সময়ত কৰ্মী 4 গৰাকীক মুকলি কৰি দিয়াক কেন্দ্ৰ কৰি ধুবুৰীত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷

আৰক্ষী অধীক্ষকৰ মন্তব্য

ঘটনাৰ বিৱৰণ অনুসৰি, বিজয়া দশমীৰ দিনা বিজেপিৰ ধুবুৰী টাউন মণ্ডল যুৱ মৰ্চাৰ সভাপতি সোমনাথ চক্ৰৱৰ্তী, গৌৰীপুৰ টাউন মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক সৌৰৱ দে সহ কেইবাজনো বিজেপিৰ নেতাকৰ্মীয়ে আৰক্ষীক অপদস্থ কৰাৰ উপৰিও আৰক্ষী থানা উৰুৱাই দিয়াৰ ভাবুকি দিছিল বিজেপি নেতাকৰ্মী কেইজনে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল চাৰি বিজেপি নেতাকৰ্মীয়ে ।

লগতে পঢ়ক : দীৰ্ঘ সময়ৰ বিৰতিৰ অন্তত 'কা' সম্পৰ্কীয় আবেদনৰ শুনানি ল'ব শীৰ্ষ আদালতে

ইপিনে অভিযুক্তক গ্ৰেপ্তাৰৰ পিচতে ধুবুৰী আৰক্ষীৰ বিৰুদ্ধে নিজৰ শক্তি প্ৰদৰ্শন কৰে জিলা বিজেপিয়ে । থানা ঘেৰাও কৰি একাংশ বিজেপি নেতাকৰ্মীয়ে চাপ সৃষ্টি কৰিলে ধুবুৰী আৰক্ষী অধীক্ষকৰ ওপৰত । অৱশেষত উপায়হীন হৈ ৰাজনৈতিক হেঁচাত অভিযুক্তক জামিনত মুকলি কৰি দিবলৈ আৰক্ষীয়ে অভিযোগ উত্থাপন হৈছে ।

বিজেপি সভাপতিৰ মন্তব্য

ইপিনে, এই ঘটনাৰ পিচতেই বিজেপিৰ জিলা সভাপতি সহ কেইবাজনো নেতাই জিলা আৰক্ষী অধীক্ষকৰ সৈতে এক আলোচনাত মিলিত হয় ।

লগতে পঢ়ক : অল-কায়দাৰ সৈতে তালিবানৰ সম্পৰ্ক অটুট আছে : আফগান সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.