ETV Bharat / international

অল-কায়দাৰ সৈতে তালিবানৰ সম্পৰ্ক অটুট আছে : আফগান সেনা

author img

By

Published : Oct 27, 2020, 2:07 PM IST

অল-কায়দাৰ সৈতে তালিবানৰ সম্পৰ্ক অটুট আছে : আফগান সেনা
অল-কায়দাৰ সৈতে তালিবানৰ সম্পৰ্ক অটুট আছে : আফগান সেনা

বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন অল-কায়দাৰ শীৰ্ষ নেতা হুছম আব্দুল ৰৌফৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আফগান আৰ্মীয়ে ৷ আফগান সেনাৰ প্ৰধান সেনাধ্যক্ষ য়াচিন জিয়াই জনোৱামতে, অল-কায়দাৰ সৈতে তালিবানৰ সম্পৰ্ক শেষ হোৱা নাই ৷

নিউজ ডেস্ক, 27 অক্টোবৰ : অল-কায়দা আৰু তালিবানৰ মাজৰ সম্পৰ্ক এতিয়াও অটুট আছে ৷ খোদ আফগান আৰ্মিৰ চীফে এই কথা প্ৰকাশ কৰিছে ৷ অল কায়দাৰ শীৰ্ষনেতা হুছম আব্দুল ৰৌফ ওৰফে আবু মোহছিন অল-মিশ্ৰিৰ মৃত্যুৰ পিচতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে আফগান স্থলসেনাধ্যক্ষ য়াছিন জিয়াই ৷

অক্টোবৰ মাহৰ আৰম্ভনিতে গজনী প্ৰদেশত অল-মিশ্ৰিক হত্যা কৰা হৈছিল বুলি টোলো নিউজৰ লং ৱাৰ জাৰ্নেলত প্ৰকাশ পাইছে ৷ আমেৰিকাই অল-মিশ্ৰিৰ হত্যাৰ বাতৰি নিশ্চিত কৰিছিল ৷ সংবাদ প্ৰতিষ্ঠানটোত আফগান সেনাপ্ৰধানৰ উক্তিৰে তালিবানে অল-কায়দাৰ সৈতে বৰ্তমানেও সম্পৰ্ক শেষ কৰা নাই আৰু পাকিস্তানৰ সৈতেও দুয়োটা সংগঠনৰ সম্পৰ্ক আছে বুলি বাতৰি প্ৰকাশ পাইছিল ৷

তালিবানে আমেৰিকাৰ সৈতে দশকযোৰা বিৰতিৰ অন্তত শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল আৰু চুক্তিত তেওঁলোক কোনো সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত নহয় বুলি জনাইছিল ৷ ইয়াৰ পিচতেই আমেৰিকাই আফগানৰ পৰা সেনা প্ৰত্যাহাৰ কৰিছিল ৷

লগতে পঢ়ক : পশ্চিম ছিৰিয়াত বিমান আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.