একে সময়তে দুপালি ভেকচিন গ্ৰহণ কৰি অসুস্থ মহিলা

author img

By

Published : Sep 20, 2021, 1:39 PM IST

woman falls in ill after taking double veccine at the same time
একে সময়তে দুপালি ভেকচিন গ্ৰহণ কৰি অসুস্থ মহিলা ()

স্বাস্থ্য বিভাগৰ(Health Department) পুনৰ আজৱ কাণ্ড ৷ বিলাসীপাৰাৰ আনন্দ নগৰত একে সময়তে দুপালি ক’ভিড ভেকচিন(Covid Vaccine) প্ৰদান কৰা হৈছে এগৰাকী মহিলাক ৷ তাৰ পাচত কি হ’ল, জানিবলৈ সবিশেষ পঢ়ক...

পশ্চিম বিলাসীপাৰা, 20 ছেপ্তেম্বৰ : ৰাজ্যত পুনৰ ক’ভিড ভেকচিনক(Covid Vaccine) লৈ বিতৰ্ক ৷ পুনৰ একে সময়তে দুটাকৈ ভেকচিন প্ৰদান কৰা হৈছে এগৰাকী মহিলাক ৷ এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ আনন্দ নগৰত ৷ এগৰাকী নাৰ্চৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ উত্থাপন হৈছে ৷

একে সময়তে দুপালি ভেকচিন গ্ৰহণ কৰি অসুস্থ মহিলা

দুটাকৈ ভেকচিন দিয়াৰ পাচতে শাৰীৰিকভাৱে অসুস্থ হৈ পৰে আনন্দ নগৰ গাঁৱৰ নিবাসী জাইদুল ইছলাম নামৰ লোকজনৰ পত্নী ৷ যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ বিলাসীপাৰাৰ আনন্দ নগৰ প্ৰাথমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত ভেকচিন প্ৰদান কৰা হৈছিল মহিলাগৰাকীক ৷ কদমতোলা উপ স্বাস্থ্যকেন্দ্ৰৰ নাৰ্চ মিৰিজা কলিতাই মহিলাগৰাকীক ভেকচিন প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড: একেদিনাই প্ৰদান কৰিলে দুটাকৈ ভেকচিন

ভেকচিন লোৱাৰ পাচত মহিলাগৰাকী নিজ গাঁৱত উপস্থিত হয় যদিও ক্ৰমান্বয়ে অসুস্থ হৈ পৰে ৷ দুটাকৈ ভেকচিন প্ৰদান কৰাৰ ফলত মহিলাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিলে ইয়াৰ বাবে দায়ী কোন হ’ব বুলি প্ৰশ্ন উত্থাপন কৰিছে মহিলাগৰাকীৰ স্বামী জাইদুল ইছলামে ৷ গতিকে তদন্তক্ৰমে এনে ঘটনাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে জাইদুলে ৷

ইয়াৰ পূৰ্বেও স্বাস্থ্য বিভাগৰ(Health Department) এনে আজৱ কাণ্ডৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল ৷ বোকাখাতত এগৰাকী মহিলাক একে সময়তে দুপালি ভেকচিন প্ৰদান কৰাৰ ফলত জ্বৰত আক্ৰান্ত হৈ শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছিল ৷ ক’ভিড ভেকচিন এবাৰ গ্ৰহণ কৰাৰ পাচতে মানুহৰ দেহত কিছু পৰিমাণে হ’লেও প্ৰভাৱ পেলায় ৷

এনে ক্ষেত্ৰত একেলগে প্ৰদান কৰা দুপালি ভেকচিনে মানুহৰ দেহত কি প্ৰভাৱ পেলাব পাৰে, সেয়া নিশ্চয়কৈ এক ভাবিবলগীয়া বিষয় ৷ স্বাস্থ্য বিভাগৰ স্বাস্থ্যকৰ্মীৰ এনে কাণ্ডজ্ঞানহীন কৰ্মই ভেকচিন গ্ৰহণকাৰীসকলক নিশ্চয়কৈ সংকটত পেলাব ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত e-SHRAM Card বিতৰণ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.