ডিব্ৰুগড়ত e-SHRAM Card বিতৰণ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

author img

By

Published : Sep 20, 2021, 9:59 AM IST

e-shram-card-distributed-by-minister-rameshwar-teli

দেওবাৰে অসংগঠিত কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় তথ্যকোষ ই-শ্ৰম(e-SHRAM) পঞ্জীকৰণ শিবিৰত উপস্থিত হৈ বিভিন্ন কৰ্মচাৰীক ই-শ্ৰম কাৰ্ড বিতৰণ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ(Rameswar Teli) ৷ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ সকলো তথ্য সংগ্ৰহ কৰি তেওঁলোকক চৰকাৰী সুবিধা প্ৰদানৰ বাবে এই আঁচনিখন মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

মৰাণ, 20 ছেপ্তেম্বৰ : ডিব্ৰুগড় জিলাৰ পৌৰসভাৰ কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত হোৱা অসংগঠিত কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় তথ্যকোষ ই-শ্ৰম(e-SHRAM) পঞ্জীকৰণ শিবিৰত উপস্থিত হয় ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ তথা পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী(Rameswar Teli) ৷ উক্ত শিবিৰত থকা বিভিন্ন কৰ্মচাৰীক ই-শ্ৰম কাৰ্ড বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

e-shram-card-distributed-by-minister-rameshwar-teli
মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ই-শ্ৰম কাৰ্ড বিতৰণ

অসংগঠিত খণ্ডৰ শ্ৰমিক আৰু শ্ৰমিকসকলৰ কল্যাণৰ বাবে ‘e-SHRAM Portal’ নামৰ এক নতুন আঁচনি আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে । ভাৰতৰ শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ে(Ministry of Work and Employment) অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ সকলো তথ্য সংগ্ৰহ কৰিবলৈ এই আঁচনিখন মুকলি কৰিছে ৷

e-shram-card-distributed-by-minister-rameshwar-teli
মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ই-শ্ৰম কাৰ্ড বিতৰণ

সংগ্ৰহ কৰা তথ্যৰ জৰিয়তে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে নতুন নীতি প্ৰস্তুত কৰি তেওঁলোকক অধিক চাকৰিৰ সুযোগ প্ৰদান কৰিব চৰকাৰে ৷ শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ে ই-শ্ৰম পৰ্টেলত আবেদন কৰাৰ সুবিধাৰ্থে শ্ৰমিকসকলক এক পৰিচয় নম্বৰ (UAN) কাৰ্ড প্ৰদান কৰিব । এই আঁচনিৰ জৰিয়তে সকলো পঞ্জীয়নভুক্ত শ্ৰমিকক এবছৰৰ বাবে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা(PMSBY)ত অন্তৰ্ভুক্ত কৰা হ’ব ।

দুৰ্ঘটনাজনিত মৃত্যু, সম্পূৰ্ণ সক্ষমসকলক 2 লাখ টকা আৰু শ্ৰমিকৰ আংশিক সক্ষমসকলৰ প্ৰত্যেককে এক লাখ টকাকৈ প্ৰদান কৰা হ’ব ৷ শ্ৰমিকসকলৰ বিৱৰণ ৰাজ্য চৰকাৰ আৰু বিভাগসমূহেও ভাগ-বতৰা কৰিব । ই-শ্ৰম কাৰ্ডৰ UAN একাউণ্ট নম্বৰ সমগ্ৰ দেশতে গ্ৰহণযোগ্য হ’ব ।

e-shram-card-distributed-by-minister-rameshwar-teli
মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ই-শ্ৰম কাৰ্ড বিতৰণ

অসংগঠিত শ্ৰমিক, BOCW ৰ কৰ্মী, SHG ৰ সদস্য, ঘৰুৱা শ্ৰমিক, আশা কৰ্মী, অংগনবাদী কৰ্মী, পদপথৰ বিক্ৰেতা, ৰিক্সা চালক, ইটাভাটাৰ শ্ৰমিক, কৃষি শ্ৰমিক, MGNREGA ৰ শ্ৰমিক, মাছমৰীয়া, দোকানী আৰু ক্ষুদ্ৰ খুচুৰা বিক্ৰেতাই e-SHRAM ৰ ৱেবছাইটত পঞ্জীয়ন কৰিব পাৰিব ৷ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা সদৰী কৰে ৷

e-shram-card-distributed-by-minister-rameshwar-teli
মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ই-শ্ৰম কাৰ্ড বিতৰণ

উক্ত অনুষ্ঠানত মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সৈতে উপস্থিত থাকে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালা আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা ৷

লগতে পঢ়ক: যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি; গুৱাহাটী মহানগৰীত খৰচী হৈ পৰিছে যাতায়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.