ETV Bharat / state

Allegations for Child marriage : শহৰ আলীৰ 45 বছৰীয়া পত্নীক আৰক্ষীয়ে সজালে 16 বছৰীয়া জী

author img

By

Published : Mar 6, 2023, 12:42 PM IST

প্ৰায় এটা মাহ পূৰ্বে অসম আৰক্ষীয়ে বাল্যবিবাহৰ লগত জড়িত থকাৰ অভিযোগত শহৰ আলী নামৰ এজন লোকৰ লগতে আটক কৰিছিল তেওঁৰ ভাতৃ মহৰ আলীক ৷ আৰক্ষীৰ অভিযোগ অনুসৰি, শহৰ আলীয়ে বিয়া দিছিল তেওঁৰ 16 বছৰীয়া জীয়েকক ৷ কিন্তু এটা মাহৰ অন্তত পোহৰলৈ আহে যে শহৰ আলীৰ নাছিল কোনো জী ৷ প্ৰকৃততে আৰক্ষীয়ে শহৰ আলীৰ জী বুলি কোৱা মহিলাগৰাকী হৈছে তেওঁৰ 45 বছৰীয়া পত্নীহে (Allegations for Child marriage) ৷ এই ঘটনাক কেন্দ্ৰ কৰি খৰ্গহস্ত হৈ পৰিছে বিলাসীপাৰাৰ জ্যেষ্ঠ অধিবক্তাসকল ৷

Operation against child marriage in Assam
বিলাসীপাৰাত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা

বিলাসীপাৰাত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা

পশ্চিম বিলাসীপাৰা, 6 মাৰ্চ : ৰাজ্যজুৰি বাল্য বিবাহকলৈ অসম আৰক্ষীৰ অভিযান (Operation against child marriage in Assam) চলাই থকাৰ মাজতে বিলাসীপাৰাত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা । অভিযোগ অনুসৰি এই ঘটনা সংঘটিত কৰিছে খুদ আৰক্ষীয়ে ৷ বিলাসীপাৰাৰ জ্যেষ্ঠ অধিবক্তাই উল্লেখ কৰা অনুসৰি প্ৰায় এটা মাহ পূৰ্বে বিলাসীপাৰা আৰক্ষীয়ে শহৰ আলীৰ 45 বছৰীয়া ঘৈণীয়েকক তেওঁৰ 16 বছৰীয়া জীয়েক সজাইছিল বিলাসীপাৰা আৰক্ষীয়ে (Allegations for Child marriage)৷

তাৰ পাচতে আৰক্ষীয়ে বাল্যবিবাহৰ লগত জড়িত থকাৰ অভিযোগ তুলি PS Case 53/2023 U/S 09/10/11/ (I) of the Prohibition of Child Marriage Act & R/W Sec 17 POCSO Act ৰ অধীনত শহৰ আলী আৰু তেওঁৰ ভাতৃ মহৰ আলীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ৷ এই গোচৰ সংক্ৰান্তত চলি তদন্তৰ অন্তত প্ৰায় এটা মাহৰ পাচত বিলাসীপাৰা আদালতে জামিন মঞ্জুৰ কৰে শহৰ আলী আৰু মহৰ আলীক ।

লগতে পঢ়ক : Operation against child marriage: শোণিতপুৰত বাল্য বিবাহৰ গোচৰত অভিযুক্ত ১৭ গৰাকী স্বামীক আটক

দেওবাৰে বিলাসীপাৰাৰ জ্যেষ্ঠ অধিবক্তাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, শহৰ আলীৰ নাছিল 16 বছৰীয়া কোনো জীয়েক ৷ প্ৰকৃততে 16 বছৰীয়া জীয়েক বুলি আৰক্ষীয়ে কৰা অনুমান ভুল আছিল ৷ শহৰ আলীৰ জীয়েকৰ পৰিৱৰ্তে বাল্যবিবাহৰ অভিযোগ তোলা মহিলাগৰাকী প্ৰকৃততে আছিল শহৰ আলীৰ 45 বছৰীয়া পত্নীহে ৷

আৰক্ষীয়ে এই ঘটনাৰ কোনো বিচাৰ-খচাৰ নকৰাকৈয়ে এটা পৰ্যায়ত উপনীত হৈছিল ৷ যাৰ ফলতে নিৰ্দোষী লোকক জেললৈ পঠিয়াই নিজৰ দায়িত্ব সামৰাৰ চেষ্টা চলাইছিল বুলি অভিযোগ তোলে বিলাসীপাৰাৰ জ্যেষ্ঠ অধিবক্তাসকলে ৷ ইয়াৰ উদাহৰণ হ’ল শহৰ আলীৰ ঘটনাটো ৷ ইয়াৰ উপৰিও বিলাসীপাৰাৰ জ্যেষ্ঠ অধিবক্তাসকলে অসম আৰক্ষীক ককৰ্থনা কৰি কয়, ‘‘পুলিচ হৈছে আইনৰ ৰক্ষক । কোনো ৰাজনৈতিক হস্তক্ষেপত পুলিচে কাম কৰিব নালাগে । আইন অনুসৰি আৰক্ষীয়ে দায়িত্ব পালন কৰক’’ ।

লগতে পঢ়ক : Operation Child Marriage: স্বামী-আত্মীয়ক মুক্তিৰ দাবীত থানাত তলা ওলোমালে পত্নী-আত্মীয়ই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.