ETV Bharat / state

বিলাসীপাৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Mar 7, 2021, 10:53 PM IST

27 নং পূৱ বিলাসীপাৰা বিধানসভা সমষ্টিতো কংগ্ৰেছে আই ইউ ডি এফৰ প্ৰাৰ্থীক এৰি দিয়াৰ বাবেই সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ ৷ সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদানৰ দাবী কংগ্ৰেছ কৰ্মীৰ ৷

bilasipara-congress-protest-for-the-candidate
বিলাসীপাৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ

পশ্চিম বিলাসীপাৰা,7 মাৰ্চ: 27 নং পূৱ বিলাসীপাৰা বিধানসভা সমষ্টিতো কংগ্ৰেছে আই ইউ ডি এফৰ প্ৰাৰ্থীক এৰি দিয়াত দেওবাৰে পৰলক্ষিত হয় কংগ্ৰেছ কৰ্মীৰ ক্ষোভৰ উদগীৰণ ৷ সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদানৰ দাবীৰে দুজন সৰ্বভাৰতীয় কংগ্ৰেছৰ নেতাক ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তোলে কংগ্ৰেছ কৰ্মী সকলে ৷ ইয়াৰে এজন বিলাসীপাৰা পূৱ সমষ্টিটোৰ তত্বাবধায়ক ছৈয়দ তানবীৰ আনোৱাৰ আৰু মোহন শৰ্মা ৷

বিলাসীপাৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ

অৱশেষত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে কংগ্ৰেছ কৰ্মীৰ ৰোষত পৰা নেতা দ্বয়ক উদ্ধাৰ কৰি থানালৈ নিয়ে ৷

লগতে পঢ়কঃ অগপৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.