শিখৰ পাগুৰি পৰিধান কৰি ধুবুৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Oct 14, 2021, 3:31 PM IST

Updated : Oct 14, 2021, 3:51 PM IST

cm visits historical gurudwara in dhubri

দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত ধুবুৰী আৱৰ্ত ভৱনৰ পৰা গুৰুদ্বাৰত উপস্থিত হৈ সেৱা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শিখ সমাজৰ সৈতে অসমীয়া সমাজৰ যথেষ্ট মিল থকাৰ লগতে অসমীয়া আৰু শিখসকলৰ মাজত এক গভীৰ সম্পৰ্ক আছে বুলি মন্তব্য ড৹ শৰ্মাৰ ৷

ধুবুৰী , 14 অক্টোবৰ : দুদিনীয়া কাৰ্যসূচী লৈ ধুবুৰীত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বুধবাৰে কেইবাখনো পূজা মণ্ডপত দেৱী দুর্গাক দৰ্শন কৰাৰ পিছত বৃহস্পতিবাৰে পুৱা ধুবুৰীৰ ঐতিহাসিক গুৰুদ্বাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শিখ ধৰ্মৰ নৱম গুৰু টেগ বাহাদুৰ গুৰুদ্বাৰত সেৱা জনায় ৷ শিখসকলৰ ফালৰ পৰাও মুখ্যমন্ত্ৰীগৰাকীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

গুৰুদ্বাৰত নিজৰ ভাষণত শিখ ধৰ্মগুৰু গুৰু নানক আৰু গুৰু টেগ বাহাদুৰৰ অসম তথা ধুবুৰী ভ্ৰমণ সম্পৰ্কে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷ শিখ সমাজৰ সৈতে অসমীয়া সমাজৰ যথেষ্ট মিল থকাৰ লগতে অসমীয়া আৰু শিখসকলৰ মাজত এক গভীৰ সম্পৰ্ক আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে ৷ ধুবুৰীৰ পৰা বিদায় লোৱাৰ পূৰ্বে ড৹ শৰ্মাই সংবাদ মাধ্যমৰ আগত কেইবাটাও বিষয়ত মন্তব্য কৰে ৷

দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ধুবুৰীত গুৰু টেগ বাহাদুৰ গুৰুদ্বাৰৰ লগতে ঐতিহাসিক সমলসমূহৰ সংৰক্ষণ আৰু পৰ্যটনৰ দিশত চৰকাৰৰ ভূমিকা সম্পৰ্কে সাংবাদিকে প্ৰশ্ন কৰাত সকলো ঠিক হৈ যাব বুলি মন্তব্য কৰি অহা দিনত ধুবুৰীত কেবিনেট অনুষ্ঠিত কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

ইফালে মূল্যবৃদ্ধিৰ ওপৰত শাসকীয় দলৰ একাংশ নেতা মন্ত্ৰীয়ে গুৰুত্বহীন মন্তব্য কৰি অহাক লৈ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়েও একেই সুৰত সুৰ মিলাই ক'ভিড অতিমাৰীলৈ মূল্যবৃদ্ধিৰ দোষ ঠেলি দিয়া পৰিলক্ষিত হয় ৷ ক'ভিড পৰিস্থিতিৰ বাবেই এনে মূল্যবৃদ্ধি হৈছে যদিও পৰিস্থিতি স্বাভাৱিক হ'লেই সকলো ঠিক হৈ যাব বুলি দায় সৰা মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ লগতে অসমত প্ৰায় ১৭ লাখ লোকৰ আধাৰকাৰ্ড হোৱা নাই বুলি ড৹ শৰ্মাই উল্লেখ কৰে ।

লগতে পঢ়ক : ধুবুৰীত ছমাহৰ ভিতৰত মুকলি হ’ব মেডিকেল কলেজ : মুখ্যমন্ত্ৰী

Last Updated :Oct 14, 2021, 3:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.