ETV Bharat / state

ধুবুৰীত MGNREGA আঁচনি ৰূপায়ণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

author img

By

Published : Jul 24, 2021, 9:19 AM IST

ধুবুৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এম জি এনৰেগা (MGNREGA) আঁচনি ৰূপায়ণৰ নামত বৃহৎ কেলেংকাৰী সংঘটিতৰ অভিযোগ । গৌৰীপুৰ উন্নয়ন খণ্ডৰ পিছত এইবাৰ দেৱীতলা উন্নয়ন খণ্ডত কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন । জিলা উপায়ুক্তক এই বিষয়ত অভিযোগ দাখিল কৰি এক সংবাদমেল সম্বোধন কৰে সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিয়ে ।

allegations-of-corruption-mgnrega-schemes-in-dhubri
ত MGNREGA আঁচনি ৰূপায়নৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

ধুবুৰী, 24 জুলাই : ধুবুৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত (P&RD) ৰ এম জি এনৰেগা (MGNREGA) আঁচনি ৰূপায়ণৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । জিলাখনৰ গৌৰীপুৰ উন্নয়ন খণ্ডত এম জি এনৰেগাৰ আঁচনি ৰূপায়ণত বৃহৎ দুৰ্নীতিৰ অভিযোগত দুটাকৈ গোচৰ ৰুজু হৈ আছে । আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । তেনে সময়তে পুনৰ গৌৰীপুৰৰ দেৱীতলা উন্নয়ন খণ্ডত এম জি এনৰেগা আঁচনি ৰূপায়ণত কোটিটকীয়া দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

উল্লেখ্য যে, দেৱীতলাৰ শিলাইৰ পাৰ পঞ্চায়ত এলেকাত দহখনকৈ আঁচনি কেৱল কাগজ-কলমতহে ৰূপায়ণ হৈছে । এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ জিলা সমিতিয়ে । বৃহস্পতিবাৰে ধুবুৰীত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ ধুবুৰী জিলা সমিতিৰ সভাপতি মোজাম্মেল হকে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ।

সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সংবাদমেল সম্বোধন

অভিযোগ অনুসৰি, দেৱীতলাৰ খণ্ড উন্নয়ন বিষয়া হাবিবুল শেখ, পঞ্চায়ত সভাপতি জাকিৰ হুছেইন আৰু আঞ্চলিক সভাপতি জাহিদুল ইছলামৰ নেতৃত্বত শিলাইৰ পাৰ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়ণত কোটি টকীয়া দুৰ্নীতি সংঘটিত হৈছে ৷ ইয়াৰোপৰি আছে আন বহু গুৰুতৰ অভিযোগ । উক্ত পঞ্চায়তত এম জি এনৰেগা আঁচনিত মৃত ব্যক্তিৰ নাম জবকাৰ্ডত সোমোৱা হৈছে ৷

২০১৯ চনত মৃত্যু হৈছিল শিলাইৰ পাৰ পঞ্চায়তৰ বুদ্ধেশ্বৰ চন্দ্ৰ ৰায় নামৰ লোকজনৰ । ৰায়ৰ জবকাৰ্ড নম্বৰ হৈছে AS-01-009-002-007/1143 ৷ একেদৰে পঞ্চায়তখনৰ AS_01_009_0002_002/2548 আৰু AS_01_009_002_002/216 নম্বৰৰ দুখনকৈ জবকাৰ্ডৰ গৰাকী হৈছে এজনেই ব্যক্তি । নাম হাছেনুৰ আলী ।

প্ৰতিবেদনৰ তথ্য মতে, চলিত বছৰৰ ১৯ জুনৰ পৰা ৫ জুলাইলৈকে একেদিনাই দুখনকৈ আঁচনিৰ কামত নিয়োজিত কৰা দেখুওৱা হৈছে । মুঠৰ ওপৰত মৃত ব্যক্তি আৰু ভুৱা জবকাৰ্ডৰ নামত কোটি কোটি টকাৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈছে দেৱীতলা উন্নয়ন খণ্ডৰ শিলাইৰ পাৰ পঞ্চায়তত । কেৱল এখন পঞ্চায়তে নহয়, দেৱীতলা উন্নয়ন খণ্ডৰ প্ৰায়বোৰ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়ণৰ নামত সংঘটিত হৈছে কোটি কোটি টকাৰ দুৰ্নীতি । ধুবুৰী জিলা উপায়ুক্তক ইতিমধ্যে লিখিত অভিযোগ দাখিল কৰি তদন্তৰ দাবী উত্থাপন কৰাৰ উপৰিও সংবাদমেলযোগে এই বৃহৎ দুৰ্নীতিৰ তদন্তৰ দাবী উত্থাপন কৰিছে সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিয়ে ।


লগতে পঢ়কঃ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.