ETV Bharat / state

শৃংখল চলিহাক গ্ৰেপ্তাৰৰ দাবীত বিলাসীপাৰাত প্ৰতিবাদ

author img

By

Published : Sep 3, 2021, 6:55 PM IST

অসমৰ ভিন্ন প্ৰান্তত শৃংখল চলিহাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বঙালী সংগঠনসমূহে । ধুবুৰীৰ বিলাসীপাৰাত শৃংখল চলিহাৰ পুত্তলিকা দাহ কৰিলে বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে । অতি শীঘ্ৰে বীৰ লাচিত সেনাৰ নেতাজনক গ্ৰেপ্তাৰৰ দাবী তুলিছে সংগঠনসমূহে ।

শৃংখল চলিহাক গ্ৰেপ্তাৰৰ দাবীত বিলাসীপাৰাত প্ৰতিবাদ

পশ্চিম বিলাসীপাৰা,৩ ছেপ্তেম্বৰ : পুনৰ বিতৰ্কৰ মাজত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা । বঙালী সমাজ তথা বঙালী সম্প্ৰদায়ৰ বিৰুদ্ধে কটু মন্তব্য কৰি বিপদত নেতাগৰাকী । ৰাজ্য ভিন্ন প্ৰান্তত বঙালী সংগঠনসমূহে শৃংখল চলিহাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

বীৰ লাচিত সেনাৰ নেতাগৰাকীক গ্ৰেপ্তাৰৰ দাবী তুলিছে বহু বঙালী সংগঠনে । বাকী জিলাসমূহৰ দৰে ধুবুৰী জিলাৰ সাপটগ্ৰাম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনেও শৃংখল চলিহাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।উল্লেখ্য যে বঙালী সমাজৰ বিৰুদ্ধে কৰা কটু মন্তব্য কৰাৰ অভিযোগ উঠিছিল শৃংখল চলিহাৰ বিৰুদ্ধে । তেওঁৰ ভাষ্য সামাজিক মাধ্যমত প্ৰচাপ হোৱাৰ পাছতে এতিয়া তেওঁৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বঙালী সংগঠনসমূহ ।

সাপটগ্ৰাম আঞ্চলিক বঙালী যুৱ ছাত্ৰ ফেডাৰেছনে শৃংখল চলিহাৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে তেওঁ পুত্তলিকা দাহ কৰে সংগঠনৰ সদস্যসকলে । শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰাৰ দাবী তোলাৰ লগতে বঙালীসকলৰ বিৰুদ্ধে কৰা মন্তব্যক সহজ ভাৱে লোৱা নহ'ব বুলিও হুংকাৰ দিয়ে সংগঠনটোৱে । ইফালে শৃংখল চলিহাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে ৯০ লাখ বঙালী ৰাজপথলৈ ওলাব বুলিও হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই ।

*Location : বিলাসীপাৰা, ধুবুৰী Byte : সম্পাদক, AABYSF, সাপটগ্ৰাম

লগতে পঢ়ক :বানে বিধ্বস্ত কৰা লাইকা-দধিয়াবাসীৰ খবৰ ল’বলৈ আহৰি নাই চৰকাৰৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.