ETV Bharat / state

UBPO Meeting in Jonai : চিমেন চাপৰি এছ বি বড়ো হাইস্কুলত ইউবিপিঅ’ৰ সজাগতা সভা

author img

By

Published : Jun 28, 2023, 12:28 PM IST

সংযুক্ত বড়ো গণ মঞ্চৰ সানজা সানজাৰি নৌগৌৰ আৰু স্বনাব সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ উদ্যোগত এখন সজাগতা সভা চিমেন চাপৰি এছ বি বড়ো হাইস্কুলত অনুষ্ঠিত হয় ৷

UBPO meeting in Dhemaji Simen Chapori
সংযুক্ত বড়ো গণ মঞ্চ

ইউবিপিঅৰ সজাগতা সভা

জোনাই, 28 জুন: সংযুক্ত বড়ো গণ মঞ্চৰ সানজা সানজাৰি নৌগৌৰ আৰু স্বনাব সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ উদ্যোগত এখন সজাগতা সভা চিমেন চাপৰি এছ বি বড়ো হাইস্কুলত অনুষ্ঠিত হয় ৷ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ গাওঁ চিনাক্তকৰণ, সমষ্টি নিৰ্ধাৰণ, শৈক্ষিক, সাংগঠনিক, ড্ৰাগছমুক্তকৰণৰ ওপৰত এই সভা অনুষ্ঠিত হয় ৷ ইউবিপিঅৰ সানজা সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাজু বসুমতাৰী আৰু স্বনাব সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ সভাপতি অনিল বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আদৰণি ভাষণ আগবঢ়াই ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰীয়ে ৷

সভাত উপস্থিত থাকি ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয় কয় যে, বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বড়ো গাওঁ আৰু বড়ো পৰিয়ালৰ চিনাক্তকৰণ প্ৰক্ৰিয়া ভাৰত চৰকাৰৰ 2011 চনৰ লোকপিয়ল অনুসৰি তৈয়াৰ কৰিবলৈ লোৱা হৈছে ৷ সেই সময়ত চৰকাৰী স্বীকৃতি নথকা বড়ো গাওঁ সমূহ আৰু বড়ো পৰিয়াল সমূহ স্বীকৃতি থকা আন গাঁৱৰ ভিতৰত বৰ্তমান অন্তৰ্ভূক্ত হৈ থাকিলে সেইখন গাঁৱৰ নামতে বিকেডব্লিউএচিৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে গাওঁ চিনাক্তকৰণ কৰা হ'ব যদিও কেৱল বড়ো গাওঁ আৰু বড়ো পৰিয়াল সমূহকে অন্তৰ্ভুক্ত কৰা হ'ব ৷ এই ক্ষেত্ৰত ইউবিপিঅ আৰু বড়ো জাতীয় সংগঠনৰ আঞ্চলিক সমিতি সমূহে প্ৰতিটো অঞ্চল, গাঁৱত গৈ শুদ্ধভাৱে তালিকা যুগুতাই প্ৰতিবেদন প্ৰস্তুত কৰি জিলা সমিতিলৈ প্ৰেৰণ কৰিবলৈ কৈ জিলা সমিতিয়ে জিলাখনৰ সকলো বড়ো গাওঁ আৰু বড়ো পৰিয়ালৰ তালিকা সম্পূৰ্ণভাৱে প্ৰস্তুত কৰি উদ্ধতম কৰ্তৃপক্ষক স্মাৰক পত্ৰৰ জৰিয়তে দাখিল কৰিলে ইয়াৰ সমাধান হ'ব বুলি বক্তব্য দাঙি ধৰে ৷

তেওঁ কয় যে, চৰকাৰে বিকেডব্লিউএচিৰ 36 টা সমষ্টি গঠনৰ বাবে তৎপৰতাৰে আগবাঢ়িছে ৷ সমষ্টি সমূহৰ গঠন আৰু নাম নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰতো বড়ো জাতীয় সংগঠন আৰু ৰাইজে বলিষ্ঠ ভাৱে মাত মাতিব লাগিব বুলি কয় ৷ ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰীয়ে সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্মৰ মাজত অবাধ প্ৰচলন হ'বলৈ ধৰা ড্ৰাগছ তথা মাদক দ্ৰব্য নিৰ্মূলকৰণৰ ক্ষেত্ৰত সকলোকে ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ আহ্বান জনায় ৷ সভাত ইবিপিঅৰ সাংগঠনিক সম্পাদিকা প্ৰাণজিতা বড়োয়ে ছাত্ৰ-ছাত্ৰী সকলক গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ইউবিপিঅৰ কৰ্মী সকলক অনুৰোধ জনায় ৷

ইউবিপিঅৰ উপাধ্যক্ষ জোনাৰাম ব্ৰহ্মই বড়ো জনগণৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফলত লাভ কৰা বিকেডব্লিউএচিৰ নিৰ্বাচন পাতি এখন শক্তিশালী স্বায়ত্ব পৰিষদ হিচাপে গঠন কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ উপ-সভাপতি চাঞ্চুমা বসুমতাৰীয়ে কয় বিকেডব্লিউএচিত কিছুমান অবড়ো গাওঁ অন্তৰ্ভুক্ত হোৱা বুলি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে সেইয়া কৰা হোৱা নাই ৷ অবড়ো ৰাইজক এইক্ষেত্ৰত সঠিককৈ অৱগত হ'বলৈ বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ অথবা ইউবিপিঅৰ নেতৃত্বৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে, বিকেডব্লিউএচিৰ চুক্তি অনুসৰি কেৱল বড়ো গাওঁ আৰু বড়ো পৰিয়ালক অন্তৰ্ভুক্তিৰে বিকেডব্লিউএচিৰ সমষ্টি গঠনৰ সিদ্ধান্ত লোৱা হৈছে ৷

সভাত ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ উপ-সভাপতি ৰবীন বড়ো, সানজা সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক সুনীত বসুমতাৰী, স্বনাব সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক চন্দন বড়ো, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰী, লগতে ইউবিপিঅৰ জিলা আৰু আঞ্চলিক সমিতিৰ বহু সংখ্যক-বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: Flood in Lakhimpur:লখিমপুৰত পুৱতি নিশা গাভৰুৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.