ETV Bharat / state

Police operation against drugs: জোনাইত ড্ৰাগছসহ আটক দুজন যুৱক

author img

By

Published : Jun 3, 2022, 7:57 PM IST

অসম আৰক্ষীৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত গোপনে সৰবৰাহ হৈয়ে আছে ড্ৰাগছ(Assam police against drugs) ৷ ড্ৰাগছ সৰবৰাহকাৰীয়ে সলনি কৰিছে সৰবৰাহৰ কৌশল(Suppliers continue to supply drugs with new techniques) ৷ ইফালে ড্ৰাগছ আসক্তৰ সংখ্যাও দিনকদিনে হৈ আছে বৃদ্ধি । জোনাইত ড্ৰাগছসহ জালত পৰিল দুই ড্ৰাগছ আসক্ত যুৱক ।

Two arrested at Jonai with drugs in Dhemaji
জোনাইত ড্ৰাগছসহ দুজন ড্ৰাগছ আসক্ত যুৱকক আটক

জোনাই,৩ জুন: ৰাজ্যত এক সমাধান নোহেৱা অংক হৈ পৰিছে ড্ৰাগছৰ সৰবৰাহ(Assam police against drugs) ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে এই বৰবিহ(Suppliers continue to supply drugs with new techniques) ৷ ইফালে এই বৰবিহৰ কৱলত পৰিছে ইজনৰ পাছত সিজনকৈ নৱপ্ৰজন্ম । জোনাইতো ব্যাপক হাৰত প্ৰচলন হৈছে এই বৰবিহ ।

এক গোপন সুত্ৰৰ পম খেদি অসম অৰুণাচল সীমান্তৱৰ্তী জোনাই মহকুমাৰ মুৰ্কংচেলেক ৰেলৱে ষ্টেচনৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক অভিযান চলাই । অভিযান চলাই ড্ৰাগছসহ কৰায়ত্ব কৰে দুজনকৈ যুৱকক । পৰৱৰ্তী সময়ত যুৱক দুজনক গটাই দিয়ে জোনাই মহকুমা আৰক্ষীক । আটকাধীন যুৱক দুজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ব্ৰাউন ছুগাৰৰ টোপোলা(Two arrested at Jonai with drugs in Dhemaji) ।

জোনাইত ড্ৰাগছসহ দুজন ড্ৰাগছ আসক্ত যুৱকক আটক

আটকাধীন যুৱক দুজন মুৰ্কংচেলেক ৰেলৱে ষ্টেচনৰ সমীপৰ নুৰজুল আলী আৰু বাপন বিশ্বাস বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ জেৰাত ধৃত যুৱক দুজনে ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা তথা ড্ৰাগছ সেৱন কৰাৰ কথা স্বীকাৰ কৰে । লগতে যুৱক দুজনৰ ভাষ্যত সেই অঞ্চলত যে ড্ৰাগছ অত্যন্তই সুলভ সেয়া স্পষ্ট হৈ পৰিছে ।

উল্লেখ্য যে মূৰ্কংচেলেক ৰেলৱে ষ্টেচনৰ আশে পাশে একাংশ লোকে আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই নৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । আনহাতে জোনাইত বিগত কিছুমাহ ধৰি অভিযান চলাই মহকুমাটোৰ বিভিন্ন স্থানৰ পৰা কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে আৰক্ষী । লগতে পৰৱৰ্তী সময়তো ড্ৰাগছ বিৰোধী এই অভিযান অব্যাহত থাকিব বুলি আৰক্ষীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক: বাহন ক্ৰয় কৰাৰ পূৰ্বে সাৱধান : প্ৰৱঞ্চকৰ ৰূপত গাড়ী বিক্ৰী প্ৰতিষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.