ETV Bharat / state

Tai Ahom Students Union commendable move:চিমেন চাপৰি আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : Jul 1, 2023, 10:54 PM IST

Simen Chapori Tai Ahom Students Union
তাই আহোম ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ

চিমেন চাপৰি আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাই কুৰি গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰ্থিকভাৱে পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰীক কলেজত নামভৰ্তিৰ খৰচ দিয়ে আৰু পাঠ্যপুথি যোগান ধৰে ৷

তাই আহোম ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ

জোনাই, ১ জুলাই : সদৌ তাই আহোম ছাত্ৰ সন্থাৰ চিমেন চাপৰি আঞ্চলিক সমিতিয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কুৰি গৰাকী আৰ্থিকভাৱে পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰীক মহাবিদ্যালয়ত নামভৰ্তি কৰি দিয়াৰ লগতে কিতাপ-পত্ৰ যোগানৰ ব্যৱস্থা কৰিছে । এই সন্দৰ্ভত চিমেন চাপৰি আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত এখন সভা শনিবাৰে অনুষ্ঠিত কৰা হয় ।

চিমেন চাপৰি আঞ্চলিক তাই ছাত্ৰ সন্থাৰ সভাপতি জিতু গগৈয়ে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সংগঠনটোৰ সাধাৰণ সম্পাদক ৰমা বৰগোঁহাইয়ে ৷ তেওঁ কয় চিমেন চাপৰি অঞ্চলৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাৰ্তিৰে উত্তীৰ্ণ হৈছে আৰু যিসকল আৰ্থিকভাৱে পিছপৰা তেনে শিক্ষাৰ্থীসকলক মহাবিদ্যালয়ত নামভৰ্তি কৰি দিয়াৰ লগতে কিতাপ-পত্ৰ আদি যোগান ধৰিবলৈ চিমেন চাপৰি আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাই পদক্ষেপ গ্ৰহণ কৰিছে -যাতে মেধাৱী ছাত্ৰ-ছাত্ৰী সকলে আৰ্থিক দৈন্যতাৰ বাবে উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া নহয় ।

সংগঠনটোৰ উদ্যোগত চিমেন চাপৰি বিষ্ণুপুৰ নাথ গাঁৱৰ দিলিপ শইকীয়া, দুলাকাষৰীয়া গাঁৱৰ জ্যোতিকা চেতিয়া, কল্যাণজ্যোতি চেতিয়া, সন্দিকৈ মিলন গাঁৱৰ লোনা ফুকন, পিংকি দিহিংঙীয়া, সুস্মিতা দিহিংঙীয়া, ৰতন কটকী, সুৰজ সন্দিকৈ, দীপাংকৰ বৰুৱা, মাজখোৱা গাঁৱৰ কমল গগৈ, চিলিৰ পৰিস্মিতা চুতীয়া, বৰুৱা গাৱঁৰ জয়দ্বীপ শইকীয়া, ৰংপুৰীয়া গাঁৱৰ প্ৰণৱ কোঁৱৰ, ভাৰ্গৱ গগৈ, মাজগাঁৱৰ মমী গগৈ, দুলাকাষৰীয়াৰ গৌতম গগৈ, লক্ষীমাই গগৈ,উৰ্মি গগৈ, লক্ষ্যজ্যোতি বৰুৱা, তুলন বৰগোঁহাইক মহাবিদ্যালয়ত নামভৰ্তি আৰু কিতাপ পত্ৰ যোগান ধৰাৰ পৰিকল্পনা কৰা হৈছে ।

সভাত অতিথি হিচাপে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ দুৱৰা, যুৱ ব্যৱসায়ী বিপুল পাঠক, যদুমনি বৰা, সমাজকৰ্মী বৰুণ শইকীয়া, বিশিষ্ট ব্যৱসায়ী মুনিন্দ্ৰ বৰা, সমাজকৰ্মী ফটিক বৰুৱা, ছাত্ৰ-ছাত্ৰীৰ সকলৰ লগতে অভিভাৱক আৰু চিমেন চাপৰি আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সদস্য-সদস্যাসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Revived village in Dhemaji:হেৰুৱা ঠিকনা বিচাৰি পাই আনন্দিত গাঁওবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.