ETV Bharat / state

জোনাইত অসম ছাত্ৰ পৰিষদৰ ছেনিটাইজেশ্বন কাৰ্যসূচী

author img

By

Published : Jun 20, 2021, 11:49 AM IST

মাৰাত্মক কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু জোনাই ছাত্ৰ পৰিষদৰ সহযোগত বিভিন্ন স্থানত ছেনিটাইজেশ্বন কাৰ্যসূচী ৷ ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে সংগঠনটোৱে গ্ৰহণ কৰা এই কাৰ্যসূচীৰ শলাগ লৈছে স্থানীয় ৰাইজে ৷

sanitization-by-assam-satra-porishad
জোনাইত অসম ছাত্ৰ পৰিষদৰ ছেনিটাইজেশ্যন কাৰ্যসূচী

জোনাই, 19 জুন: ৰাজ্যত অব্যাহত আছে মহামাৰী কৰ’ণা(Corona)ৰ সংহাৰী ৰূপ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৈনিক বহুলোক এতিয়াও ক'ভিডত আক্ৰান্ত হৈ আছে ৷ ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনে বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰখাৰ সমান্তৰালকৈ ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত প্ৰশাসন তথা ব্যক্তিগত প্ৰচেষ্টাত ঠায়ে ঠায়ে অব্যাহত আছে ছেনিটাইজেশ্বন কাৰ্যসূচী ৷

sanitization-by-assam-satra-porishad
জোনাইত অসম ছাত্ৰ পৰিষদৰ ছেনিটাইজেশ্বন কাৰ্যসূচী

সম্প্ৰতি ৰাজ্যত ক'ভিড সংক্ৰমণৰ হ্ৰাস তুলনামূলকভাৱে হ্ৰাস পাইছে যদিও বহুলোক এতিয়াও ক'ভিডত আক্ৰান্ত হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে অসম ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু জোনাই ছাত্ৰ পৰিষদৰ সহযোগত জোনাই মহকুমাৰ বিভিন্ন স্থানত ছেনিটাইজেশ্বন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ অসম ছাত্ৰ পৰিষদ আৰু জোনাই ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি প্ৰীতমৰাজ মিলিৰ নেতৃত্বত এই ছেনিটাইজেশ্বন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

উল্লেখ্য যে, যি সময়ত কৰ’ণা মহামাৰীৰ সৈতে গোটেই বিশ্বই যুঁজি আছে তেনে সময়ত মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে ছাত্ৰ সংগঠনটোৱে গ্ৰহণ কৰা এই ছেনিটাইজেশ্বন কাৰ্যসূচীক সকলোৱে শলাগ লৈছে । স্বাস্থ্য বিভাগৰ এক তথ্য অনুসৰি, ধেমাজি জিলাখনত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা 502 গৰাকী ৷ ইয়াৰে 440 গৰাকী ক’ভিড আক্ৰান্তই আৰোগ্য লাভ কৰাৰ বিপৰীতে জিলাখনৰ 61 গৰাকী লোক বৰ্তমানেও ক'ভিডত আক্ৰান্ত হৈ আছে ৷

উল্লেখ্য যে, বিগত 24 ঘন্টাত ৰাজ্যত মুঠ 3571 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰে 199 গৰাকী কামৰূপ মহানগৰ জিলাৰ ৷ বিগত 24 ঘন্টাত ৰাজ্যখনৰ ক'ভিডত আক্ৰান্তৰ আৰোগ্যৰ হাৰ হৈছে 91.77 % ৷ ক'ভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ সংগঠনটোৱে সকলোকে সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : অভয়াখুটিৰ দুই নাবালিকা ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.