ETV Bharat / state

জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Jun 21, 2021, 10:38 PM IST

জোনাইৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন কেৰাচিন তেলৰ টেংকাৰ আৰু এখন স্কুটীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে এই পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দুই স্কুটী আৰোহী ৷

জোনাইৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
জোনাইৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

জোনাই, 21 জুন : সোমবাৰে জোনাইত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ জোনাই আৰক্ষী থানাৰ অন্তৰ্গত বৰকেম্প তিনিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷ জানিব পৰা মতে, এখন কেৰাচিন তেলৰ টেংকাৰ আৰু এখন স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷

এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে দুই স্কুটী আৰোহীৰ ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নন্বৰ হৈছে AR-08B-0730 ৷ আনহাতে, দুৰ্ঘটনাগ্ৰস্ত কেৰাচিন তেলৰ টেংকাৰখনৰ নম্বৰ হৈছে AS 01 EC 2098 ৷

ঘটনাৰ বিৱৰণী অনুসৰি, স্কুটী আৰোহী দুজন অৰুণাচল প্ৰদেশৰ আলপৰা চিমেন অভিমুখী গৈ থকা অৱস্থাত জোনাই অভিমুখী অহা কেৰাচিন তেলৰ টেংকাৰখনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত তেলৰ টেংকাৰখনৰ তলত সোমাই পৰে স্কুটীখন ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হয় ৷ সংকটজনক অৱস্থাত দুই স্কুটী আৰোহীক ১০৮ মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে জোনাই খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ৷

আহত লোক দুজন অৰুণাচল আলৰ ননডু চাহ(৩০) আৰু ঔম প্ৰসাদ(১৮) বুলি জানিব পৰা গৈছে ৷ জোনাই মহকুমাৰ স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে জানিবলৈ দিয়া মতে, আহত ব্যক্তি দুজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ এই পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ উত্তেজনাই ৷

লগতে পঢ়ক: বুঢ়ীদিহিংৰ মাজত মাজুলি সদৃশ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.