ETV Bharat / state

Massive Erosion at Dhemaji: বিধ্বংসী গৰাখহনীয়াৰ কবলত পৰি হুমুনিয়াহ কাঢ়িছে জোনাইৰ চাপৰিবাসীয়ে

author img

By

Published : Jan 29, 2023, 12:44 PM IST

ধেমাজি জিলাৰ মেচাকি চাপৰিৰ মিলনপুৰ, ৰুমৈৰুমৈ, সৌৰাংশ্ৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্য়াহত (Devastating erosion of Brahmaputra at Jonai)। বিধ্বস্ত বাট-পথ, স্বাস্থ্য, বিদ্যুৎ সেৱা আদিৰ সুবিধাৰ পৰাও বঞ্চিত ৰাইজ । বিনিদ্ৰ ৰজনী কটাইছে নৈপৰীয়া কৃষিজীৱী ৰাইজে ।

Erosion at Lali river in Dhemaji
জোনাইত ভয়াৱহ বান-খহনীয়া সমস্যা সমাধানৰ দাবী

জোনাই, ২৯ জানুৱাৰী: ৰাজ্য় চৰকাৰে বান-খহনীয়া সমস্যা সমাধান কৰা বুলি দাবী কৰি আহিলেও ধেমাজি জিলাৰ জোনাইত আজিও ৰাইজে এই ক্ষেত্ৰত যমৰ-যাতনা ভুগিবলগীয়া হৈছে । ৰাইজে দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ ভয়াৱহ বান-খহনীয়া সমস্যা সমাধানৰ দাবী জনাই আহিছে যদিও কোনো সুফল লাভ কৰা নাই (Terrible Erosion at Jonai)। সেইবাবে ৰাইজে চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।

১১৪ নং জোনাই বিধানসভা সমষ্টিৰ জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত গালিচিকাৰী, লাইমেকুৰী, ৰামধন দিখাৰী, মিছামৰা, চমকং গাঁও পঞ্চায়তৰ অধিকাংশ কৃষিজীৱী গাঁৱৰ শ শ পৰিয়ালক কেইবা দশক ধৰি বান-খহনীয়াই জুৰুলা কৰি আহিছে (Massive Erosion in Jonai)। জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত লালী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে পকী পাৰ্কুপাইন আঁচনি চৰকাৰে হাতত লৈছে যদিও ৰাইজে কোনো সুফল পোৱা নাই (Erosion of Lali river in Dhemaji)।

আনহাতে, ব্ৰহ্মপুত্ৰৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে কোনো এখন চৰকাৰে আজিকোপতি উপযুক্ত আঁচনি প্ৰস্তুত কৰা নাই । যাৰ ফলত লাইমেকুৰী গাঁও পঞ্চায়তৰ বৃহত্তৰ মেচাকি চাপৰি, ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ কয়লাআলি অঞ্চল, চমকং গাঁও পঞ্চায়তৰ সৌৰাংশ্ৰী, চেঙাজান গোৱালা গাঁও সমূহৰ শ শ নৈপৰীয়া কৃষিজীৱী গঞাই ব্ৰহ্মপুত্ৰৰ বিধ্বংসী গহনীয়াৰ কবলত পৰি আহিছে (Erosion problem in Assam) ।

বিগত সময়ত কোনো এখন চৰকাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে আঁচনি প্ৰস্তুত কৰি ৰূপায়ণ কৰিবলৈ আহৰি পোৱা নাই বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । যোৱা দুটা দশকৰ পৰা বৃদ্ধি পাবলৈ ধৰা ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ কবলত পৰি মেচাকি চাপৰিৰ আন আন গাঁৱৰ লগতে কেইবাখনো ৰাজহ গাঁৱৰ খহনীয়াগ্ৰস্ত পৰিয়ালে নিৰাপদ স্থান বিচাৰি অন্য় ঠাইলৈ ঢাপলি মেলিছে । সেইদৰে চেঙাজান গোৱালা, কয়লাআলি, সৌৰাংশ্ৰী আদিৰ নৈপৰীয়া কৃষিজীৱী বহু পৰিয়ালেও নিজা ঘৰ-বাৰী, কৃষিভূমি হেৰুৱাই আন আন স্থানলৈ ঢাপলি মেলিবলৈ বাধ্য় হৈছে ।

ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে, স্বৰাজোত্তৰ কালৰে পৰাই সৰ্বাধিক সময় দেশ শাসন কৰা কংগ্ৰেছৰ লগতে কেন্দ্ৰ-ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনেও এইক্ষেত্ৰত আওকণীয়া মনোভাৱ পোষণ কৰি আহিছে । মেচাকি চাপৰিত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ ফলত চৰাঞ্চলটোৰ মিলনপুৰ, ৰুমৈৰুমৈ, ছিংগাপুৰ, বুড়িয়া চাপৰি আদি নৈপৰীয়া ৰাইজে আতংকত দিন কটাবলগীয়া হৈছে ।

মেচাকি চাপৰি, সৌৰাংশ্ৰী, চেঙাজান গোৱালা আদি নৈপৰীয়া অঞ্চলৰ যাতায়ত ব্যৱস্থা আজিও অতি শোচনীয় (Poor communication at Mechaki chapari)। স্বাস্থ্য সেৱা বুলিবলৈ নামমাত্ৰও সুবিধা নথকা বানাক্ৰান্ত নৈপৰীয়া অঞ্চলসমূহত বিশুদ্ধ খোৱাপানী, বিজুলী যোগান ব্যৱস্থা উপলব্ধ নহয় । চৰাঞ্চল মেচাকি চাপৰি, সৌৰাংশ্ৰী, চেঙাজান গোৱালা আদি বানপীড়িত ৰাইজে প্ৰতিটো নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে যদিও জীৱন, সম্পত্তিৰ সুৰক্ষা লাভৰ ক্ষেত্ৰত সদায়েই সংশয়ৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক:Me dam me phi 2023: টিপাম ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত মে ডাম মেফিত উপস্থিত থাকিব মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.