ETV Bharat / state

Review meeting on Gumrag dance: জোনাইত গুমৰাগ নৃত্য সন্দৰ্ভত পৰ্যালোচনা সভা

author img

By

Published : Dec 26, 2022, 10:29 PM IST

ভৱিষ্যত প্ৰজন্মৰ মাজত গুমৰাগ নৃত্যৰ বৈশিষ্টক বিজ্ঞানসন্মতভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে মিচিং দৃৰবৃ কৌবাঙৰ উদ্যোগত চেঙাজানত অনুষ্ঠিত কৰা হয় গুমৰাগ নৃত্যৰ এখনি পৰ্য্যালোচনা সভা(Review meeting on Gumraag dance in Jonai) । সভাত উপস্থিত থাকে মিচিং জনগোষ্ঠীৰ ছয় জাতীয় সংগঠনৰ বহুকেইজন বিষয়ববীয়া ।

Review meeting on Gumraag dance in Jonai
গুমৰাগ নৃত্যৰ বৈশিষ্টক বিজ্ঞানসন্মতভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য

জোনাই,২৬ ডিচেম্বৰ: নিজস্ব কৃষ্টি-সংসস্কৃতিৰে চহকী মিচিং জনগোষ্ঠী । মিচিং সমাজৰ জাতীয় নৃত্য গুমৰাগ অতিকৈ জনপ্ৰিয় গুমৰাগ নৃত্য । এই গুমৰাগ নৃত্য প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অবিৰত প্ৰয়াস কৰি আছে মিচি জনগোষ্ঠীৰ লোকসকলে । ইয়াৰ মাজতে জোনাইৰ চেঙাজান কাৱৈমাৰী ঘাটত মিচিং দৃৰবৃ কৌবাঙৰ চমকং আঞ্চলিক সমিতিৰ উদ্যোগত মিচিং জনগোষ্ঠীৰ ছয় জাতীয় সংগঠনৰ সহযোগত অনুষ্ঠিত কৰা হয় মিচিং সমাজৰ জাতীয় নৃত্য গুমৰাগ নৃত্যৰ ওপৰত এখনি পৰ্য্যালোচনা সভা(Review meeting on Gumraag dance in Jonai) ।

উক্ত সভাৰ সভাপতিত্ব কৰে মিচিং দৃৰবৃ কৌবাঙৰ চমকং আঞ্চলিক সমিতিৰ সভাপতি মহেশ কাৰ্দং আৰু মিচিং বাঃনৌ কৌবাঙৰ চমকং আঞ্চলিক সমিতিৰ সভাপতি ডিম্বেশ্বৰ কুটুমে । সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়াই মিচিং দৃৰবৃ কৌবাঙৰ চমকং আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ টায়েই ।

সভাখনিত উপস্থিত থাকে TMPK ৰ চমকং আঞ্চলিক সমিতিৰ সভাপতি নীলমণি দলে, এমএমকেৰ চমকং আঞ্চলিক সমিতিৰ সভাপতি নৰেশ পেগুমি চিং দৃৰবৃ কৌবাঙৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক সঞ্জু মিলি, মুখ্য প্ৰশিক্ষক প্ৰবীণ দলে আৰু জোনাই জিলা মিচিং দৃৰবৃ কৗবাঙৰ সভাপতি প্ৰদীপ কুম্বাং, সম্পাদক যোগেশ চাৰহ । আটাইয়ে গুমৰাগ নৃত্যৰ বৈশিষ্ট্যসমূহক বিজ্ঞানসন্মত আৰু যোগাত্মক অধ্যয়নেৰে ভৱিষ্যতৰ প্ৰজন্মৰ মাজত সজাগতা বৃদ্ধি কৰি ইয়াৰ চৰ্চ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মিচিং সমাজৰ প্ৰতিগৰাকী সচেতন ব্যক্তিৰ দ্বায়িত্ব আৰু কৰ্তব্য বুলি বক্তব্য আগবঢ়ায়(Efforts to promote and promote Gumrag dance) ৷

এই দিশত মিচিং দৃৰবৃ কৗবাঙে সদায় কাম কৰি আহিছে আৰু ভৱিষ্যতেও দায়িত্ব পালন কৰি যাব বুলি পোষকতা কৰে ৷ সভাখনিত উপস্থিত থাকে জোনাই জিলা মিচিং দৃৰবৃ কৌবাঙৰ সহকাৰী সম্পাদিকা ৰুবী পাদি পেগু, এমএমকেৰ কেন্দ্ৰীয় সদস্য পদ্মনাথ চাৰহ, টিএমকেপিৰ জোনাই জিলা সমিতিৰ প্ৰাক্তন সভাপতি কান্দা টায়েং, ধেমাজি জিলা ভোজপুৰী পৰিষদৰ সাধাৰণ সম্পাদক দেবানন্দ সিং, মিচিং আগম কৌবাঙৰ চমকং আঞ্চলিক সমিতিৰ উপ সভাপতি হেম বৰি,সম্পাদক শিৱনাথ পেগু, এমএমকেৰ চমকং আঞ্চলিক সমিতিৰ সম্পাদক মজিত মিলিৰ লগতে মিচিং জাতীয় সংগঠনৰ জোনাই জিলা সমিতি, চমকং আঞ্চলিকৰ এশৰো অধিক বিষয়ববীয়া আৰু সদস্য-সদস্যা ৷ সভাখনি সুকলমে সমাপ্ত হোৱাৰ পাছতে আয়োজন কৰা হয় এক প্ৰীতিভোজৰ ।

লগতে পঢ়ক: Wild Elephant attack: সোণাৰিৰ মঞ্জুশ্ৰী বাগিচাত হাতীৰ আক্ৰমণত দুজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.