ETV Bharat / state

চিচিবৰগাঁও উপ-জিলা কাৰ্যালয় স্থাপনৰ দাবীত অৱস্থান ধৰ্মঘট

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 6:51 PM IST

Protest in Dhemaji : আকৌ উপ-জিলা কাৰ্যালয় স্থাপনৰ দাবীত প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদ ধেমাজি জিলৰ চিচিবৰগাঁৱত ৷ প্ৰদান বৰুৱা মুর্দাবাদ, ভূৱন পেগু মুর্দাবাদ শ্লোগানেৰে উত্তাল চিচিবৰগাঁৱৰ প্ৰতিবাদস্থলী ।

Protest for sub district
চিচিবৰগাঁও উপ জিলা কাৰ্যালয় স্থাপনৰ দাবী

চিচিবৰগাঁও উপ জিলা কাৰ্যালয় স্থাপনৰ দাবী

ধেমাজি, ১ জানুৱাৰী: ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতেই চিচিবৰগাঁও উপ জিলা কাৰ্যালয় স্থাপনৰ দাবীত চিচিবৰগাঁও উপ জিলা দাবী সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত চিচিবৰগাঁও চক্ৰ বিষয়া কাৰ্যালয়ৰ সম্মুখত দুপৰীয়া ১২ বজাৰ পৰা দিনৰ এক বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ নেতৃবৰ্গৰ লগতে বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক, সামাজিক দল -সংগঠন, নাৰী সংগঠনৰ নেতৃত্ববৰ্গ আৰু সাহিত্যিক সকলে ৷

ক্ষুব্ধ ৰাইজে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ চিচিবৰগাঁও উপ-জিলা দাবী সমিতিৰ নেতা সকলে কয় যে বৃহত্তৰ চিচিবৰগাঁও ৰাইজৰ দুটা দশকজোৰা আন্দোলনৰ ফলস্বৰূপে চিচিবৰগাঁও ৰাইজে অসম বিধানসভাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ এটা নতুন বিধানসভা সমষ্টি আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উপ-জিলা লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ চক্ৰান্তত চিচিবৰগাঁৱত প্ৰতিষ্ঠা হ'বলগীয়া চিচিবৰগাঁও উপ-জিলাৰ মুখ্য কাৰ্যালয়ৰ লগতে বিভিন্ন অফিচ কাছাৰী চিচিবৰগাঁৱৰ পৰা অন্য ঠাইলৈ নিয়াৰ ষড়যন্ত্ৰ চলিছে ।

আজি এই কাৰ্যসূচীত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক, সামাজিক দল সংগঠন, নাৰী সংগঠনৰ নেতৃত্ববৰ্গ‌ই উপস্থিত হৈ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুক তীব্ৰ সমালোচনা কৰে । তেওঁলোকে চিচিবৰগাঁও ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ ব্যক্ত কৰে । চিচিবৰগাঁও সমষ্টিৰ ৰাইজে চিচিবৰগাঁও ৰাইজক কৰা ষড়যন্ত্ৰ বিৰুদ্ধে প্ৰতিদিনে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি চৰকাৰক সকীয়াই দিয়ে ।

লগতে পঢ়ক:চিচিবৰগাঁৱত উপ জিলা কাৰ্যালয় স্থাপন কৰাৰ দাবীত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.