Har Ghar Tiranga: জোনাইৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মুকলি ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ

author img

By

Published : Aug 5, 2022, 2:22 PM IST

national flag selling center opened in jonai
জোনাইৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মুকলি ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ ()

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ(75th years of Independence of India) হোৱা উপলক্ষে 'আজাদী কা অমৃত উৎসৱ'(Azadi Ka Amrit Mahotsav)ৰ লগত সঙ্গতি ৰাখি দেশত চলি থকা 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানে(Har Ghar Tiranga Abhiyan) অসমতো এক গতি লাভ কৰিছে(Har Ghar Tiranga Programme in Jonai) । জোনাই মহকুমাধিপতিৰ কাৰ্যালয়তো মুকলি কৰা হ'ল ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ ।

জোনাই,৫ আগষ্ট: 'আজাদী কা অমৃত উৎসৱ'(Azadi Ka Amrit Mahotsav)ৰ লগত সঙ্গতি ৰাখি দেশত 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযান অসমতো তীব্ৰতৰ হৈছে(Har Ghar Tiranga Programme in Jonai) । জিলাই জিলাই দেখা গৈছে মহিলাসকলৰ মাজত ব্যাপক উৎসাহ । প্ৰতিটো প্ৰান্ততে মুকলি কৰা হৈছে ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ । অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব ৷

এই কাৰ্যসূচী সফল ৰূপায়ন আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে অসম ৰাজ্যিক গ্ৰামীণ মিচন, মূৰ্কংচেলেক খণ্ডই ৷ এই অভিযানৰ অংশ হিচাপে জোনাই মহকুমাৰ প্ৰতিখন পঞ্চায়তৰ বিভিন্ন অঞ্চলত এটা এটাকৈ মুঠ ১৯ টা সুলভ মূল্যৰ ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰিছে ৷ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ত এটা ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰৰ মুকলি কৰে জোনাই মহকুমাধিপতি প্ৰদিপ কুমাৰ দ্বিৱেদীয়ে ৷

জোনাইৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মুকলি ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ

এই ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰি মহকুমাধিপতি গৰাকীয়ে সকলোকে ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় ৷ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীয়ে সকলোৰে মাজত দেশপ্ৰেমৰ ভাৱ জগাই তুলিব বুলি মন্তব্য কৰে ৷ এই কাৰ্যসূচীত জোনাই নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, অতিৰিক্ত আয়ুক্ত প্ৰীতম দাসৰ লগতে মূৰ্কংচেলেক খণ্ডৰ বিষয়া দেৱী দত্ত গোস্বামীৰ আন কেবাজনো বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷

লগতে পঢ়ক: Har Ghar Tiranga: হোজাইৰ উপায়ুক্ত কাৰ্য্যলয় চৌহদত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.