ETV Bharat / state

Har Ghar Tiranga: হোজাইৰ উপায়ুক্ত কাৰ্য্যলয় চৌহদত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি

author img

By

Published : Aug 5, 2022, 9:26 AM IST

national flag selling center opened in hojai
হোজাইৰ উপায়ুক্ত কাৰ্য্যলয়ত চৌহদত ত্ৰিৰংগা পতাকা বিক্ৰী কেন্দ্ৰ মুকলি

'আজাদী কা অমৃত উৎসৱ'(Azadi Ka Amrit Mahotsav)ৰ লগত সংগতি ৰাখি 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানে অসমতো এক গতি লাভ কৰিছে(Har Ghar Tiranga Programme in Hojai) । জিলাই জিলাই দেখা গৈছে মহিলাসকলৰ মাজত ব্যাপক উৎসাহ । প্ৰতিটো প্ৰান্ততে মুকলি কৰা হৈছে ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ । হোজাইতো জিলা উপায়ুক্তৰ কাৰ্যালয়ত মুকলি কৰা হ'ল ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ ।

হোজাই,৫ জুলাই: ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ(75th years of Independence of India) হোৱা উপলক্ষে 'আজাদী কা অমৃত উৎসৱ'(Azadi Ka Amrit Mahotsav)ৰ লগত সঙ্গতি ৰাখি দেশত চলি থকা 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানে(Har Ghar Tiranga Abhiyan) অসমতো এক গতি লাভ কৰিছে(Har Ghar Tiranga Programme in Hojai) । উক্ত অভিযানৰ অংশস্বৰূপে হোজাইৰ জিলা উপায়ুক্তৰ কাৰ্য্যলয় চৌহদত ত্ৰিৰংগা বিক্ৰীৰ বাবে বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয় (Taranga sales center opened) ।

হোজাই জিলাখনত "হৰ ঘৰ ত্ৰিৰংগা" অভিযান সন্দৰ্ভত হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে কয় যে, হোজাই জিলাৰ আত্মসহায়ক গোটসমূহে প্ৰায় ৯০ হাজাৰ পতাকা তৈয়াৰ কৰিছে । ৯০ হাজাৰ পতাকাৰ ভিতৰত ৮০ হাজাৰ পতাকা ইতিমধ্যেই বিক্ৰী হৈ গৈছে ।

হোজাইৰ উপায়ুক্ত কাৰ্য্যলয়ত চৌহদত ত্ৰিৰংগা পতাকা বিক্ৰী কেন্দ্ৰ মুকলি

লগতে অহা ১৩ আগষ্ট তাৰিখে নীলবাগানৰ চেম্বাৰচ্ অফ কমাৰ্চৰ উদ্যোগত "হৰ ঘৰ ত্ৰিৰংগা" অভিযানৰ লগত সংগতি ৰাখি জন সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে নীলবাগানৰ পৰা লংকালৈ চাইকেল লৈ এক শোভাযাত্রা উলিওৱা হব বুলি জানিব দিয়ে উপায়ুক্ত গৰাকীয়ে । লগতে জিলাখনত প্ৰশাসনৰ ফালৰ পৰা ত্ৰিৰংগা ক্ৰয় আৰু ৰাইজক সজাগ কৰা ক্ষেত্রত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে উপাযুক্ত অনুপম চৌধুৰীয়ে ।

লগতে পঢ়ক: Har Ghar Tiranga Abhiyan: ৭ আগষ্টৰ পৰা বিজেপিৰ মণ্ডলে মণ্ডলে ত্ৰিৰংগা বিক্ৰীৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.